পৰিয়াল অনুপাতে শৌচাগাৰ আৱণ্টন নোহোৱাৰ অভিযোগ লখিমপুৰত

পৰিয়াল অনুপাতে শৌচাগাৰ আৱণ্টন নোহোৱাৰ অভিযোগ লখিমপুৰত

কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলত অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ কাম যুদ্ধকালীন তৎপৰতাৰে ৰূপায়ণ কৰি আছে যদিও এতিয়াও বহু পৰিয়ালক সামৰি ল'ব পৰা নাই ৷ বিশেষকৈ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চেঁচা, ৰাজগড় আৰু বালিগাঁও অঞ্চলত এতিয়াও বহু লোকে বিনামূলীয়া শৌচাগাৰ বিচাৰি হাবাথুৰি খাবলগা হৈছে ৷ ২০১১ বৰ্ষৰ  লোকপিয়ল অনুসৰি অঞ্চলটোত ১৬৫টা ডিবিটি আঁচনিৰ শৌচাগাৰৰ লগতে বাকীসকল লোকেও শৌচাগাৰ লাভ কৰিছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত নিৰ্মাণৰত শৌচাগাৰসমূহ নিৰ্মাণ কৰিছে আত্মসহায়ক গোটসমূহে ৷

প্ৰায় ৯০ শতাংশ শৌচাগাৰ নিৰ্মাণ হোৱাৰ পাছত অঞ্চলটোলৈ পুনৰ ৮৭টা শৌচাগাৰ  ডিফাং আঁচনিযোগে আৱন্টন হোৱাৰ পিছত আৰু ৪০৮টা সাধাৰণ শৌচাগাৰ আৱণ্টন দিয়া হৈছে ৷ উল্লেখ্য যে ২০১১ চনত বৰ্ধিত জনসংখ্যা অনুপাতে অঞ্চলটোলৈ 
আৱন্টিত শৌচাগাৰ পৰ্যাপ্ত হোৱা নাই ৷ বৰ্তমানেও অঞ্চলটোৰ ২৫ শতাংশ পৰিয়ালৰ নাম হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা নাই স্বচ্ছগ্ৰাহী আৰু আত্মসহায়ক গোটসমূহে ৷

পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলটোত বৰ্তমানেও কোনোধৰণৰ অসুবিধা নোহোৱাকৈ শৌচাগাৰ নিৰ্মাণৰ কাম চলাই থকা হৈছে যদিও বঞ্চিত লোকসকলে প্ৰায়ে নিৰ্মাণকাৰীসকলক হকা-বাধা দিয়ে বুলি জানিব পৰা গৈছে ৷ এইসকল দুৰ্ভগীয়াই তেওঁলোকৰ পৰিয়ালৰ বাবে এটি বিনামূলীয়া শৌচাগাৰ প্ৰদান কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ।
 

Your Comments