নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
সম্প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গড়কাপ্তানী বিভাগৰ জৰিয়তে কোটি কোটি টকা ব্যয় কৰি ৰাজ্যৰ গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থা ব্যাপক উন্নয়ন সাধন কৰা বুলি দাবী কৰিলেও ইয়াৰ বিপৰীত ছবিহে স্পষ্টৰূপত জিলিকি উঠিছে নগাঁও জিলাৰ ধিঙত । আনকি শেহতীয়াকৈ ধিঙত সংশ্লিষ্ট গড়কাপ্তানী বিভাগৰ চুড়ান্ত দায়িত্বহীনতা তথা অৱহেলা বাবেই বিধ্বস্ত যাতায়ত ব্যৱস্থাৰে অহা-যোৱা কৰি ৰাইজে চৰম যমৰ যাতনা ভোগা বুলি এক গুৰুতৰ অভিযোগ উঠিছে ।
অভিযোগ মতে ৰাজ্য চৰকাৰৰ অমনযোগিতা তথা বিভাগীয় উৰ্ধ্বতন কতৃপক্ষৰ চৰম দায়িত্বহীনতা স্থানীয় জনপ্ৰতিনিধিৰ অৱহেলাৰ ফলত নগাঁও-ধিং-ভূৰাগাঁও পথৰ কদমণি জামতলৰ পৰা মৈৰাবাৰী পৰ্যন্ত পথছোৱা বৰ্তমান জহি-খহি প্ৰায় সম্পূৰ্ণ বিধ্বস্ত হৈ মৰণফাণ্ডলৈ পৰ্যবসিত হৈছে । বিগত সময়ছোৱাত অব্যাহত থকা ব্যাপক দুৰ্নীতিৰাজৰ ফলতেই এতিয়া চপৰা-চপৰে জহি-খহি পথছোৱাত পুখুৰী সদৃশ প্ৰকাণ্ড দ গাঁত সৃষ্টি হোৱা বুলি অভিযোগত প্ৰকাশ ।
এতিয়া এজাক বৰষুণ পৰিলেই এই পুখুৰী সদৃশ গাঁতবিলাকত পানী জমা হৈ বোকা-পানীৰে উপচি গুৰুত্বপূৰ্ণ পথছোৱা ৰাইজৰ বাবে পৰ্যবসিত হয় মৰণফাণ্ডলৈ । ফলত উক্ত বিধস্ত পথছোৱাৰে অহা-যোৱা কৰি বৰ্তমান ৰাইজে চৰম যমৰ--যাতনাৰ সন্মুখীন হৈছে । ইপিনে উক্ত বিধস্ত পথছোৱাৰে অহা-যোৱা কৰা বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈয়ো বৰ্তমান চিন্তিত অভিভাৱক তথা স্থানীয় ৰাইজ ।বিশেষকৈ এই বিধস্ত পথছোৱাত ৰোগীক লৈও অধিক বিপাঙত পৰিছে ৰাইজ ।
লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যোৱা ৯ মাৰ্চত গড়কাপ্টানী বিভাগে উন্নয়নৰ স্থবিৰতাৰ দোহাই দি স্থানীয় বিধায়িকাৰ উপস্থিতিত ৰাজ্যৰ নগৰ উন্নয়ন(স্বতন্ত্ৰ) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দ্বাৰা এই বিধস্ত পথছোৱাৰ মেৰামতিৰ কাম খৰতকীয়াভাৱে শুভাৰাম্ভ কৰিছিল যদিও পাছত ৰহস্যজনক ভাৱে আজি পৰ্য্যন্ত পথছোৱাত সংশ্লিষ্ট বিভাগে মেৰামতি নকৰা বুলি অভিযোগত প্ৰকাশ ।বিগত সময়ছোৱাত ধিং,বটদ্রৱা,কদমণি,ধূপগুৰি,টুকটুকী,বেছামাৰী,ডুমডুমীয়া, কান্ধুলীমাৰী,লহকৰ,নিজ ধিং,মৈৰাবাৰী, লাহৰীঘাট,ভোমোৰাগুৰি আৰু ৰাইদঙীয়াকে আদি কৰি জিলাখনৰ পশ্চিমাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে এই পথটোৱে ।
ধিং ছাত্ৰ সন্থাই উক্ত পথছোৱা শীঘ্ৰে মেৰামতি নকৰিলে ইয়াৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদী পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি প্ৰশাসন তথা ৰাজ্য চৰকাৰক সকীয়াই দি স্থানীয় ধিং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
- Log in to post comments
- 18 views