নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
সেউজীয়া চাহ বাগিচাৰে ভৰপূৰ,পনীয়া সোণৰ বাবে বিখ্যাত,বিভিন্ন ভাষা-ধৰ্ম আৰু সম্প্ৰদায়ৰ মিলনভূমি হৈছে ডিব্ৰুগড় জিলা ।জিলাখনত ক্ৰীড়াৰ এক উপযুক্ত পৰিৱেশ,সুস্থ বাতাবৰণৰ লগতে নতুন নতুন প্ৰতিভাৰ বিকাশ ঘটাই ক্ৰীড়াৰ মাধ্যমেৰে একো একোগৰাকী সফল খেলুৱৈ গঢ় দি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলাখনৰ লগতে ৰাজ্য তথা দেশৰ মান উন্নত কৰিব পাৰে সেই উদ্১চনত এক শুভক্ষণত
ডিব্ৰুগড়ৰ কেইগৰাকীমান ক্ৰীড়ানুৰাগীৰ ঐকান্তিক প্ৰচেষ্টাত জন্ম লাভ কৰে "ডিব্ৰুগড় স্প'ৰ্টিং এছ'চিয়েশ্যন"--এ । পৰৱৰ্তী কালত ১৯৫১চনত হকী আৰু ফুটবলৰ লগতে ক্ৰিকেট,টেবুল টেনিছ,
বেডমিণ্টনকে মুখ্য কৰি কেইবাবিধ খেল সামৰি এখন সংবিধান প্ৰস্তুত কৰি "ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা" নামাকৰণেৰে জন্ম লাভ কৰিছিল । সেই ক্ৰীড়া সন্থাই আজি
শতবৰ্ষত পদাৰ্পণ কৰিছে ।শতবৰ্ষ উদযাপনৰ প্ৰস্তুতিৰ মানসেৰে অহা ১২ মে',ৰবিবাৰে এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে । ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰিটত দিনৰ ২বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত সমূহ ক্ৰীড়া সংগঠন,ন-পুৰণি সদস্য,খেলুৱৈ তথা আজীৱন সদস্যৰ লগতে
জিলাখনৰ সমূহ ক্ৰীড়ানুৰাগী,ক্ৰীড়া প্ৰতিষ্ঠান আদিক উপস্থিত থাকি বহুমূলীয়া পৰামৰ্শৰে
উপকৃত কৰিব বুলি সন্থাই অনুৰোধ জনোৱাৰ লগতে সবিশেষ জানিবৰ বাবে সভাপতি ডাঃ দেৱজিৎ দত্ত
সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়া,উপ-সভাপতি জ্ঞান প্ৰকাশ শৰ্মা, যুটীয়া সম্পাদকদ্বয় অঞ্জন কুমাৰ বৰুৱা আৰু তাৰিক খানৰ
সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।
- Log in to post comments
- 14 views