বঙাইগাঁওঃ ১১ মেঃ
গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন'লজিৰ উদ্যোগত আৰু অসম বিজ্ঞান সমিতিৰ সহযোগত শনিবাৰে বঙাইগাঁৱৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিৰাং আৰু বঙাইগাঁও জিলাৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীৰ মাজত অসম বিজ্ঞান সমিতিৰ বঙাইগাঁও শাখাই ' উদ্ভাৱনা- ২০১৯ ' শীৰ্ষক জিলা ভিত্তিত এক বিজ্ঞান আৰ্হি প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ এই প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল 'সৃষ্টিশীল উদ্ভাৱনাৰে প্ৰযুক্তিবিদ্যাৰ বিকাশ '৷
এই প্ৰতিযোগিতাৰ আৰম্ভণিতে এখন উদ্ধোধনী সভা অনুষ্ঠিত হয় ৷ অসম বিজ্ঞান সমিতিৰ বঙাইগাঁও শাখাৰ সভাপতি ডাঃ নৃপেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণী ভাষণ প্ৰদান কৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ত্ৰিকেন্দ্ৰ নাথ শৰ্মাই ৷ সভাত ডাঃ নৃপেন্দ্ৰ নাথ শৰ্মাই উদ্বোধনী ভাষণ প্ৰদান কৰাৰ বিপৰীতে জি আই এম টিৰ সমন্বয়ক ড৹ জীতুমণি বৰ্মনে প্ৰতিযোগিসকলক উদ্দেশ্যি প্ৰযুক্তিবিদ্যা সম্বন্ধে মনোগ্ৰাহী ভাষণ প্ৰদান কৰে ৷
আনহাতে জনপ্ৰিয় বক্তৃতা আগবঢ়ায় বঙাইগাঁও পলিটেকনিকৰ অধ্যক্ষ ড৹ চক্ৰধৰ দাসে ৷ বঙাইগাঁও জিলাৰ সমন্বয়ক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই আঁত ধৰা উদ্বোধনী সভাখনৰ পিছত বিজ্ঞান আৰ্হি প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী আৰম্ব হয় ৷ বত্ৰিছটা দলে অংশগ্ৰহণ কৰা বিজ্ঞান আৰ্হি প্ৰতিযোগিতাৰ বিচাৰক হিচাপে সহযোগিতা আগবঢ়ায় বীৰঝৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপকদ্বয় ড৹ ওম প্ৰকাশ শ্বাহ , ড৹ পৰেশ চক্ৰৱৰ্তী আৰু বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ অধ্যাপক অৰূপজ্যোতি মজুমদাৰে ৷
এই প্ৰতিযোগিতাত অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ নৱজিৎ সাহা আৰু শৌভিক সৰকাৰে প্ৰথম স্থান, ঢালিগাঁৱৰ দিল্লী পাব্লিক স্কুলৰ অনুৰাগ দাস আৰু ক্ৰিতাংকা মধুকল্য বৰুৱাই দ্বিতীয় স্থান আৰু লিটিল ফ্লাৱাৰ স্কুলৰ জংশৰ বসুমতাৰী আৰু জয়দ্বীপ কলিতাই তৃতীয় স্থান লাভ কৰে ৷ আনহাতে লিটিল ফ্লাৱাৰ স্কুলৰে দেৱাংশী টুৱানী আৰু জেৰী কেৰকেট্টাই নিচুুকনি বঁটা লাভ কৰে ৷ উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় স্থান প্ৰাপ্ত দল দুটাই অহা ওঠৰ মে'ত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া মূল পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হয় ৷ মূল পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত দললৈ ক্ৰমে পোন্ধৰ হাজাৰ, এঘাৰ হাজাৰ আৰু সাত হাজাৰ টকাৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব ৷ ইপিনে দিনজোৰা বিজ্ঞান আৰ্হি প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ পিছত পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত হয় ৷
বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ত্ৰিকেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বঙাইগাঁও ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গীতা দেৱীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ সভাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত দললৈ ক্ৰমে তিনি হাজাৰ, দুই হাজাৰ আৰু এক হাজাৰ টকা আৰু নিচুকনি বঁটা প্ৰাপ্ত দলটোলৈ পাঁচশ টকাৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷
আনহাতে আন প্ৰতিযোগীসকলক অংশগ্ৰহণকাৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ পুৰস্কাৰ বিতৰণী অনুষ্ঠানটো বিজ্ঞান সমিতিৰ শাখা সম্পাদক প্ৰশান্ত নাথৰ সহযোগত জিলা সমন্বয়ক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই পৰিচালনা কৰে ৷
- Log in to post comments
- 76 views