বঙাইগাঁৱৰ হাপাছাৰাত গাঞ্জাসহ দুজন যুৱকক আটক

ganja

বঙাইগাঁওঃ ১১ মেঃ

আজি এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বঙাইগাঁও জিলাৰ হাপাছাৰাত অভিযান চলাই ৩০ কেজি গাঞ্জা জব্দ কৰে ৷ জানিব পৰা মতে বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত হাপাছাৰাত গোপনে বিক্ৰীৰ বাবে অনা এই গাঞ্জাখিনি আৰক্ষীয়ে জব্দ কৰাৰ লগতে দুজন যুৱককো আটক কৰে ৷ আটকাধীন যুৱক দুজন হ'ল আইনুল হ'ক ( ২৫) আৰু হুছেইন আলি ( ২৪) ৷ আৰক্ষীয়ে পিচত জব্দ কৰা গাঞ্জা আৰু যুৱক দুজনক উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীলৈ লৈ আহে ৷ganja2

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আটকাধীন যুৱক দুজনে গাঞ্জাখিনি বিক্ৰী কৰিবলৈ আনিছিল ৷ আৰক্ষীয়ে অধিত তথ্য উদঘাটনৰ বাবে যুৱক দুজনক সোধ- পোচ অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে বিয়লি পাঁচ মান বজাত উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন্দ্ৰ নাথ দাসৰ নেতৃত্বত এই অভিযান চলিছিল ৷ 

Your Comments