নগাঁও, ১১ মে':
হিন্দু-মুছলমানৰ ঐক্য-সমন্বয়ৰ অন্যতম নিদৰ্শন নগাঁও জিলাৰ পুৰণিগুদামৰ ১১৭ বছৰ ধৰি জিলিকি থকা বৰ মছজিদৰ ঐতিহাসিক মিনাৰ স্থানান্তৰকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পথত অগ্ৰসৰ হৈছে। বিগত প্ৰায় এমাহ ধৰি মিনাৰটো স্থানান্তৰকৰণৰ কাম হাতত লোৱাৰ পাছতেই প্ৰতিকূল বতৰকো নেওচি তৰিৎ গতিত স্থানান্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখ্য যে, ১৯০২ চনতে স্থানীয় ছাজিদুৰ ৰহমানৰ মাতৃৰ আৰ্থিক অনুদানৰে বাংলাদেশৰ ঢাকাৰ এজন ৰাজমিস্ত্ৰীৰ তত্বাৱধানত সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছিল এই ঐতিহাসিক মিনাৰটো। তাহানিতে হাহ-কনী-মাটিমাহ-বৰা চাউল, ধূনা আদিৰ মিশ্ৰণৰে নিৰ্মাণ কৰা হৈছিল এই মিনাৰটোৰ।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা এই মিনাৰটোৱে সমন্বয়-সম্প্ৰতিৰ এক বৰ্ণিল ইতিসাস ধৰি ৰাখি আহিছে। সম্প্ৰতি চলি থকা চাৰি লেণ্ডযুক্ত পথ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ বাবে এই মিনাৰটো উঠাই দিয়াৰ বাবে জিলা প্ৰশাসনে মছজিদ কমিটিক নিৰ্দেশ দিছিল। উচ্ছেদ জাননী পাই মৰ্মাহত পুৰণিগুদাম বাসীয়ে ঐতিহাসিক তথা পৌৰাণিক কীৰ্তিস্তম্ভটো ৰক্ষা কৰিবলৈ চৰকাৰী পক্ষক কাতৰ আৱেদন-নিবেদন কৰিছিল যদিও চৰকাৰ-প্ৰশাসনে কোনো গুৰুত্ব নিদিলে।
পুৰণিগুদামৰ আঞ্জুমান-ই-ইছলামীয়া নামৰ সংগঠনটোৰ লগতে স্থানীয় হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকেও মিনাৰটো ৰক্ষাৰ বাবে অনুনয়-বিনুনয় কৰাৰ পিছতো চৰকাৰে উচ্ছেদৰহে নিৰ্দেশ দিছিল। এই খবৰ যোৰহাটৰ এজন কাৰিকৰী যুৱক ৱাকিল আহমেদে লাভ কৰি তেওঁ আগবাঢ়ি আহি প্ৰথমে এক থলুৱা প্ৰযুক্তিৰ জৰিয়তে মিনাৰ স্থানান্তৰকৰণ সম্ভৱ হ'ব পাৰে বুলি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছিল। এই যুৱকজনেই বৰ্তমান পুণৰ নিৰ্মাণ কাৰ্যত নিয়োজিত "আৰ.আৰ. এণ্ড চনছ" নামৰ কোম্পানীটোৰ লগত যোগসূত্ৰ স্থাপন কৰি দিছিল।
সেই অনুসৰি পুৰণিগুদাম বাসীৰ এই চিৰ স্মৰণীয় কাম কাজত অসমৰ বিভিন্ন প্ৰান্তৰ লোকে সহযোগিতা কৰাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। পুৰ্বতে এনে ধৰণে পুৰণিকলীয়া কীৰ্তি স্তম্ভ স্থানান্তৰণৰ বাবে পদক্ষেপ লোৱা হোৱা নাছিল। এতিয়া থলুৱা প্ৰযুক্তিৰে পুৰণিগুদামৰ এই কীৰ্তি স্তম্ভটো স্থানান্তৰৰ এই বিৰল পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। পুৰণিগুদামবাসীয়ে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে মিনাৰটো স্থানান্তৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ বাবে। স্থানান্তৰ প্ৰক্ৰিয়াৰ লগত জৰিত এক সুত্ৰই জনোৱা মতে, ইতিপূৰ্বে নিৰ্ধাৰণ কৰা স্থানত বিজ্ঞান সন্মত ভাবে এই মিনাৰটো পুণৰ সংস্থাপন।সম্ভৱ হৈ উঠিব।
বতৰে বিধি পথালি নিদিলে চাৰি/পাচঁ দিনৰ ভিতৰত স্থানান্তৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। পুৰণিগুদামবাসীয়েও সকলো শুভাকাংক্ষীৰ পৰা আশীষ আৰু দোৱা বিচাৰিছে, যাতে পুনৰ সম্প্ৰতিৰ ধ্বজাবাহক মিনাৰটো অঞ্চলটোত যুগযুগান্তৰলৈ শিৰ উচ্চ কৰি থিয় হৈ ৰ'ব পাৰে ।
- Log in to post comments
- 10 views