শিৱসাগৰত দুৰ্বৃত্তৰ তাণ্ডৱ:  ভাঙি চূৰ্ণবিচূৰ্ন কৰিলে বিদ্যালয়ৰ আচবাব

bidyaloi

কল্যাণজ্যোতি বুঢ়াগোহাঁই,শিৱসাগৰ :

শিৱসাগৰ চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগৰ ৩৭ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা  দিচাং শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত কালি দুবৃত্তই দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি তাণ্ডৱ চলায়। দুবৃত্তই বিদ্যালয়ৰ আচবাব, পুঁথিভড়াল, কম্পিউটাৰ, কিতাপ-পত্ৰ,ব্লেক বৰ্ড, বৈদ্যুতিক তাৰ, মিটাৰ, ফেন, আদি ভাঙি চূৰমাৰ কৰে।bd

আজি পুৱা বিদ্যালয়লৈ আহি শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ ভিতৰত এনে পৰিবেশ দেখি হতভম্ব হয়। বিদ্যালয়খনৰ আচবাব চকী, টেবুল, ডেক্স বেঞ্চ,  ব্লেকবৰ্ড, কম্পিউটাৰ,  আলমাৰি দুৃৰ্বত্তই ভাঙি চূৰমাৰ কৰাৰ লগতে বিদ্যালয়ৰ পুঁথিভড়ালৰ আলমাৰি ভাঙি কিতাপ পত্ৰ দলিয়াই থৈ যায়। আনহাতে দুৰ্বৃত্তই ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ বহী পৰ্য্যন্ত ফালি পেলায়। দুৰ্বৃত্তই বিদ্যালয়ৰ বৈদ্যুতিক মিটাৰ, ফেন, ৱায়াৰ আদিও ভাঙি পেলায়৷ bd2

বিদ্যালয়ত দুৰ্বৃত্তই কৰা এনে কাৰ্য্যত  শিক্ষক, ছাত্ৰ ছাত্ৰী,  অভিভাৱকৰ লগতে স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থালীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত হে প্ৰকৃত সত্য পোহৰলৈ আহিব।

Your Comments