নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক  বিজ্ঞানৰ মনোজ্ঞ অনুষ্ঠান সম্পন্ন

bigyan

বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন,১১ মেঃ

অসম বিজ্ঞান সমিতি আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজিৰ যুটীয়া উদ্যোগত শনিবাৰে নলবাৰীত উদ্ভাৱনা ২০১৯ শীৰ্ষক এক মনোজ্ঞ  বিজ্ঞানৰ অনুস্থানৰ আয়োজন কৰা হয়।ৰাতিপুৱাৰ ভাগত অনুষ্ঠানৰ শুভাৰম্ভ কৰে শংকৰদেৱ একাডেমীৰ সমন্বয়ক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই। অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ নলবাৰী জিলাৰ সমন্বয়ক প্ৰদীপ মহন্ত, গিৰিজানন্দ প্ৰতিষ্ঠানৰ নলবাৰীৰ সমন্বয়ক উৎপল বৰ্মন আৰু বিশিষ্ঠ সাহিত্যিক বিনয় কুমাৰ মজুমদাৰে অংশগ্ৰহণ কৰে।

জিলাখনৰ ৩০ খনৰো অধিক শিক্ষা প্ৰতিষ্ঠানৰ পৰা ৩০ তাতকৈও অধিক বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শিত হয়। জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ পৰা তিনিটা দলক নগদ ধন আৰু প্ৰমান পত্ৰৰে পুৰষ্কৃত কৰা হয়।

ইয়াৰে মুকালমুৱাৰ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ মাৰ্চিদুল আলম আৰু ফজল আখতাৰৰ দল আৰু শংকৰদেৱ শিশু নিকেতন নলবাৰীৰ, জ্ঞানশ্ৰী কলিতা আৰু অংকিতা বৰ্মনৰ দল দুটাক ১ম আৰু ২য় ৰূপে বিবেচিত কৰি অহা ১৮ মে ২০১৯ তাৰিখে গুৱাহাটীৰ গিৰিজানন্দ প্ৰতিষ্ঠানত হৱ লগা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হয়। অসম বিজ্ঞান সমিতিৰ বৰভাগ শাখাই পৰিচালনা কৰা অনুষ্ঠানটিৰ আত ধৰে বৰভাগ শাখাৰ সভাপতি বৰভাগ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মহানন্দ পাঠকে।

Your Comments