গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
বৰজান,ছোটজান আৰু দক্ষিণহেঙেৰা চাহ বাগিচা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু আটছা,আছাৰ সহযোগত আজি বৰজান চাহ বাগিচা প্ৰেক্ষাগৃহত 'মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন' আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰা গোলাঘাট জিলাৰ মহিমা চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ যুৱতী ডলি কুৰ্মীক আজি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়।
এই উপলক্ষে বৃহত্তৰ অঞ্চলটোৰ কেইবাশতাধিক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি,ৰাইজে বিশাল শোভাযাত্ৰাৰে ডলি কুৰ্মীক আদৰি নি এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে । ছোটজান চাহ বাগিচা শাখা সাহিত্য সভাৰ উপদেষ্টা ইনামুদ্দিন আহমেদে আঁত ধৰা অনুষ্ঠানত বৰজান,ছোটজান আৰু দক্ষিণহেঙ্গেৰা চাহ বাগিচা শাখা সাহিত্য সভা,বৰজান উ.মা.বিদ্যালয়, দক্ষিণহেঙ্গেৰা আঞ্চলিক কুউখ ওঁৰাও সংঘ,আটছা গোলাঘাট শাখা আৰু বৰজান উপশাখা,আছা বৰজান উপশাখা,দক্ষিণহেঙ্গেৰা ঈদগাহ কমিটি ,অংগনবাদী কেন্দ্ৰ বৰজান মুড়া লাইন,ছোটজান জামাত আদিৰ লগতে বহুসংখ্যক শুভাকাংখীয়ে ব্যক্তিগতভাৱে বিপুল সম্বৰ্ধনা জনায় । অনুষ্ঠানত বৰজান চাহ বাগিচা শাখা সাহিত্য সভাৰ সভাপতি সুভাষ তাঁতী,সম্পাদক ৰাজীৱ কৰ্মকাৰ, সোমেশ্বৰ পাত্ৰ আদিকে ধৰি কেওটা শাখা সাহিত্য সভাৰ বিষয়ববীয়া, সদস্যসকলে অংশগ্ৰহণ কৰে ।
সম্বৰ্ধনা অনুষ্ঠানত ডলি কুৰ্মীৰ পিতৃ লক্ষীচৰণ কুৰ্মী,মাতৃ ৰীণা কুলে বক্তব্য আগবঢ়ায় । উল্লেখ্য, বেংককৰ থাইলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত চাহ জনগোষ্ঠীৰ যুৱতীগৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠত্বৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হয় ।
- Log in to post comments
- 13 views