বাঘমাৰীত পত্নী হত্যা:মহিলা সমাজৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত

bilashipara

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম 


যোৱা ৮ মে'ত  দ্বিতীয় ৰোজাৰ দিনা ইফতাৰৰ সময়ছোৱাত বাঘমাৰী ১ম খণ্ড গাঁৱৰ  মহিদুল হকে তেওঁৰ পত্নী আনোৱাৰা খাতুনক ডিঙিত চেপি ধৰি নৃশংসভাৱে হত্যা কৰাক লৈ আজি বাঘমাৰী এলেকাৰ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু সৰ্বত্র মহিলাসকল  বাঘমাৰীৰ  ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । 


ঘটনাৰ বিৱৰণী মতে আনোৱাৰা খাতুনে চৰাই বিক্রী কৰি পোৱা ৫০০ টকা  স্বামী মহিদুল হকক দি বজাৰ কৰি আনিবলৈ কৈছিল । কিন্তু মহিদুলে বজাৰ নকৰি জুৱা খেলি ৫০০ টকা হাৰি বজাৰ নকৰাকৈ ঘৰলৈ  ঘূৰি আহে।ইয়াৰ পিছতে স্বামী-স্ত্রীৰ মাজত তৰ্ক-বিতৰ্ক হয়।তাৰ পিছতেই জঘন্য হত্যাকাণ্ডটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

Your Comments