গহপুৰৰ পৰা পৰাশ শইকীয়া
গহপুৰ মহকুমাৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘগৰা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ঘগৰা চাহ বাগিচাৰ কালী মন্দিৰৰ পৰা খেৰণি গেট সংযোগী পথটোৰ অৰ্ধ নিৰ্মিত কালভাৰ্টৰ বাবে সম্প্ৰতি যাতায়াতৰ ক্ষেত্রত এলেকাটোৰ ৰাইজে ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। উল্লেখ্য যে গড়কাপ্টানী বিভাগৰ ২০১৮ - ১৯ বৰ্ষৰ এছ অ' পি ডি আঁচনিৰ অধীনত যোৱা নৱেম্বৰ মাহতে পথটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল। কিন্তু আজিলৈকে পথটোৰ সঠিক নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাৰ লগতে পথটোৰ জয়পুৰীয়া লাইনত থকা কালভাৰ্টটোৰ নিৰ্মাণ আধৰুৱা হৈ থকাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। উল্লেখ্য যে কালভাৰ্ট সংস্হাপনৰ বাবে পথটোৰ উক্ত অংশত পথ নিৰ্মাণ বিছিন্ন কৰি ৰখা হৈছিল। কিন্তু আজিলৈকে উক্ত বিছিন্ন অংশত কালভাৰ্টৰ পকী হুইম পাইপ সম্পূৰ্ণকৈ সংস্হাপন নকৰাত বিছিন্ন পথাংশৰেই স্থানীয় ৰাইজে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। শেহতীয়াকৈ ধাৰাসাৰ বৰষুণৰ বাবে উক্ত বিছিন্ন অংশৰে পানী প্ৰবাহিত হৈ থকাত ব্যাহত হৈ পৰিছে সুচল যাতায়াত ব্যৱস্থা।
এনে ক্ষেত্ৰত ৰাইজৰ সুচল যাতায়াতৰ বাবে সংশ্লিষ্ট নিৰ্মাণ কৰ্তৃপক্ষই বিছিন্ন অংশটোত ততালিকে হুইম পাইপ সংস্হাপন কৰি দিব লাগিছিল যদিও ৰাইজৰ অসুবিধাৰ প্ৰতি ভ্ৰুক্ষেপ কৰা নাই সংশ্লিষ্ট নিৰ্মাণকাৰী কৰ্তৃপক্ষই। ব্যস্ততাপূৰ্ণ পথটোৰ এনে দুৰৱস্হাৰ বাবে বৰ্তমান সৰ্বসাধাৰণ ৰাইজৰ লগতে এলেকাটোৰ কণ কণ শিক্ষাৰ্থী সকলে অতি বিপদসংকুল ভাবে পানীৰ স্ৰোতধাৰা প্ৰবাহিত হৈ উক্ত বিছিন্ন পথাংশৰে বিদ্যালয়লৈ যাব লগা হৈছে।
এই ক্ষেত্রত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় আটছা নেতা ৰূপজিত বাঘে। পৰিবৰ্তনকামী চৰকাৰখনৰ আমোলত যাতায়াতৰ ক্ষেত্রত কণ কণ শিক্ষাৰ্থীসহ সৰ্বসাধাৰণ ৰাইজৰ এনে দুৰ্দশাই ৰাইজক আশাহত কৰিছে বুলি উল্লেখ কৰি আটছা নেতা বাঘে অনতিপলমে উক্ত কালভাৰ্টটোৰ লগতে পথটোৰ সঠিক নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবৰ বাবে সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষক দাবী জনাইছে।
- Log in to post comments
- 10 views