নাহৰকটীয়া ছেন্ট মেৰীজ স্কুলত প্ৰদৰ্শনী

marry

নামৰূপৰ পৰা সমীৰণ বৰুৱা


নাহৰকটীয়াৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান নাহৰকটীয়া ছেন্ট মেৰীজ স্কুলত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এক প্ৰদৰ্শনী ।এই প্ৰদশৰ্নীত পাকিস্তানৰ উগ্ৰপন্থীয়ে পুলৱামাত ভাৰতীয় সেনা বাহিনীৰ ওপৰত কৰা আক্ৰমণক  আকৃতি আকাৰত প্ৰদৰ্শন কৰা হয়। বৰ্তমান সময়ৰ জনপ্ৰিয় ভিডিঅ' গেম 'পাবজী'ৰ অপকাৰিতাৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক  অৱগত কৰে।ওড়িশাৰ 'ফনী'ৰ আতংক আৰু ভাৰতীয় সেনা বাহিনী আধাৰিত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় এই প্ৰদৰ্শনীতে।ইয়াৰ উপৰিও  ৩ডি চিত্ৰকলাও প্ৰদৰ্শন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

m2

ইয়াৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া কলা-সংস্কৃতিৰ,অসমত বসবাস কৰি অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পাৰৰ লগতে ধৰ্মীয় নীতি- নিয়মসমূহ দেখুৱাবলৈ চেষ্টা কৰে এই প্ৰদশৰ্নীত।ইফালে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰদশৰ্নীৰ দুৱাৰ মুকলি কৰে অইলৰ শিক্ষা আৰু উন্নয়ন বিভাগৰ পৰিচালক হিৰেন চন্দ্ৰ বৰুৱাই ।সোমবাৰে সামৰণি পৰিব লগীয়া এই প্ৰদশৰ্নীত নাহৰকটীয়াৰ কেইবাগৰাকী গন্যমান্য ব্যক্তিৰ লগতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলো উপস্থিত থাকে ।

Your Comments