নগৰবেৰাৰ সমীপত ব্ৰক্ষ্মপুত্ৰত ডুবিল চোৰাং চাউলভৰ্তি ভূটভূটি 

boat

নগৰবেৰাৰ পৰা আব্দুল ৰছিদ

 

শুকুৰবাৰে নগৰবেৰাৰ মেধিপাৰাৰ সমীপত ব্ৰক্ষ্মপুত্ৰত সংঘটিত হয় এক অঘটন।ব্ৰক্ষ্মপুত্ৰৰে গৈ থকা অৱস্থাত সুলভ মূল্যৰ চোৰাং চাউলভৰ্তি এখন ভূটভূটি নাও ডুব যায়। প্ৰাপ্ত তথ্যমতে বৰপেটা জিলাৰ কাছুমাৰাৰ পৰা গোৱালপাৰা জিলাৰ শিমলীতোলা বজাৰলৈ গৈ অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।নাওখনত প্ৰায় ২০০ বস্তা চোৰাং চাউল আছিল।পিছলৈ ডুব যোৱা ভূটভূটি নাওখন ব্ৰক্ষ্মপুত্ৰৰ বালি চাপৰিলৈ আনি ডুব যোৱা নাওৰ পৰা চাউলখিনি উঠাবলৈ চেষ্টা কৰে যদিও ঘটনাস্থলীত সাংবাদিকৰ কেমেৰা দেখি উদ্ধাৰ অভিযানত ব্যৱহৃত অইন তিনিখন ভূটভূটি আৰু শ্ৰমিকসকলে উদ্ধাৰ অভিযান এৰি ঘটনাস্থলী ত্যাগ কৰে। ডুব যোৱা বৃহৎ পৰিমাণৰ চোৰাং চাউলখিনি নিশা পুনৰ উঠাব বুলি এটা সূত্ৰই জানিবলৈ দিয়ে।

b4

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত সুলভ মূল্যৰ চোৰাং চাউলৰ বৃহৎ ক'লা ব্যৱসায় চলি আহিছে।প্ৰায় ২০ জন প্ৰভাৱশালী ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে এই ব্যৱসায়।অৱশ্যে এনে ব্যৱসায়ীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে কামৰূপ, বৰপেটা আৰু গোৱালপাৰা প্ৰশাসনৰ লগতে যোগান বিভাগৰ বিৰুদ্ধে।অঞ্চলটোৰ চোৰাং চাউল ব্যৱসায়ীসকলে নদীপথক সুৰক্ষিত পথ হিচাপে ব্যৱহাৰ কৰি আহিছে।
                          

Your Comments