নামৰূপৰ পৰা সমীৰণ বৰুৱা
নামৰূপৰ আগশাৰীৰ শিক্ষানুষ্ঠান নামৰূপ মহাবিদ্যালয়ত 'Innovation and Rejuvenation of Teaching in Higher Education' নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়,নগাঁৱৰ উপাচাৰ্য কমলাকান্ত গগৈয়ে গ্ৰন্থখন উন্মোচন কৰে।গ্ৰন্থখনৰ সম্পাদকদ্বয় ড° নিবেদিতা ফুকন আৰু জয়ন্ত সোণোৱালে জানিবলৈ দিয়া মতে বিগত ৯-১৪ ফেব্ৰুৱাৰীত নামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ভাৰত চৰকাৰৰ 'এমএইছআৰডি' আঁচনিৰ অধীনত তেজপুৰ বিশ্ববিদ্যালয়ৰ মদন মোহন মালব্য ৰাষ্ট্ৰীয় অভিযানৰ শিক্ষক আৰু শিক্ষাদানৰ প্ৰক্ৰিয়াৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ অন্তত গ্রন্থ খন ৰচনা কৰা হৈছে।
মহাবিদ্যালয়খনৰ শিক্ষক,ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীবৃন্দৰ উপস্থিতিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা উক্ত গ্ৰন্থখনত ১৬টা গৱেষণামূলক প্ৰৱন্ধৰ সমাহাৰৰ লগতে নগাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰাধ্যাপক কে কে ডেকা ,প্ৰাধ্যাপক জে চি কলিতা(অতিৰিক্ত সঞ্চালক, ইউজিচি-এইছআৰডিচি)আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিমত সন্নিৱিষ্ট কৰা হৈছে।তদুপৰি,তেজপুৰ বিশ্ববিদ্যালয় আৰু নামৰূপ মহাবিদ্যালয়ৰ শিক্ষক সকলৰ গৱেষণামূলক প্ৰৱন্ধয়ো গ্ৰন্থখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।
- Log in to post comments
- 29 views