ৰাজীৱ পাতিৰ, মাজুলী,১০ মে:
সত্ৰীয়া সংস্কৃতিৰ পীঠস্হান মাজুলীৰ খহনীয়াত পতিত লোকৰ জীৱন সম্পত্তিৰ নিৰাপত্তাক লৈ চূড়ান্ত অৱহেলা কৰা ব্ৰহ্মপুত্ৰ ব’ৰ্ড নামৰ কেন্দ্ৰীয় সংস্হাটোৰ অধ্যক্ষ ৰাজীৱ যাদৱক আজি পুৱা গড়মূৰ ৰাজপথত দীৰ্ঘ সময় ধৰি আৱদ্ধ কৰি পৰিৱেশ উত্তপ্ত কৰে মাজুলী মহকুমা ছাত্ৰ সন্থাই । মাজুলী আৱৰ্ত্ত ভৱনৰ পৰা লখিমপুৰলৈ বুলি ৰাওনা হোৱাৰ প্ৰাকক্ষণত যাদৱৰ কনভয়ক গড়মুৰ তিনিআলিত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ শতাধিক প্ৰতিবাদকাৰীয়ে আগুচি তেওঁৰে পুত্তলিকা দাহ কৰে ।
মাজুলী সুৰক্ষা নামত ভেকোভাৱনা নচলিব, কেন্দ্ৰীয় সংস্থা হায় হায়,ব'ৰ্ডৰ অধ্যক্ষ গ'বেগ,সুৰক্ষাৰ নামত ব্ৰহ্মপুত্ৰৰ লুন্ঠৰাজ বন্ধ কৰক, দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা, কেন্দ্ৰীয় চৰকাৰ হায় হায়, ব'ৰ্ডক মাজুলীৰ পৰা অপসাৰণ কৰা, অসম চৰকাৰ হায় হায়, দুৰ্নীতিগ্রস্থ ঠিকাদাৰক ব্লেক লিষ্টেস্ট কৰা আদি বিভিন্ন শ্ল'গানেৰে মাজুলীৰ আকাশ বতাহ কপাই তোলে ।অধ্যক্ষ গৰাকীয়ে প্ৰতিবাদথলীৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰে যদিও কোনোফালে বাট বিছাৰি নোপোৱাত তেওঁ চৰম অস্বস্তিত পৰে ।
মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গড়মূৰ আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ছাত্ৰ সন্থাৰ সদস্য তথা বিভিন্ন প্ৰতিবাদকাৰীসকলে প্ৰচণ্ড বৰষুণকো নেওচি ব’ৰ্ডৰ অধ্যক্ষ ঘেৰাও কাৰ্যসূচী সফল কৰি তোলে । সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তথা যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য কুমাৰ ভূঞাই কয় যে ২০০৪ চনৰ পৰা মাজুলী সুৰক্ষাৰ দায়িত্বত থকা কেন্দ্ৰীয় সংস্থা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ দ্ধাৰা ৰূপায়িত মাজুলীৰ সুৰক্ষামূলক আচঁনি সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাই নহয় ই এটা লুন্ঠনকাৰীৰ বিভাগ হিচাপে পৰিণত হৈছে ।
যাৰ পৰিপ্ৰেক্ষিতত শ শ কোটি ধন ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ঠিকাদাৰ বিষয়া-কৰ্মচাৰীয়ে মিলি আত্মসাৎ কৰিছে ৷ এনে কথা কেতিয়াও গ্ৰহন যোগ্য নহ’ব ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে আৱন্টন দিয়া পুঁজিৰে মাজুলীৰ বিভিন্ন অংশৰ লগতে ভকতচাপৰি অঞ্চলত কাম কৰিছিল যদিও তাত বৃহৎ কেলেংকাৰী সংঘটিত কৰিছে বুলি সন্থাই অভিযোগ কৰাৰ লগতে বিভিন্ন আচঁনি ৰূপায়ণৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰী তথ্য ৰাইজৰ ওচৰত ফাদিল কৰাৰ পিছত এতিয়ালৈকে চৰকাৰ-প্ৰশাসনে টি.কে কোম্পানী আৰু ব’ৰ্ডৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহন নকৰাত জাঙুৰ খাই উঠিছে মাজুলী মহকুমা ছাত্ৰ সন্থা ৷
সংগঠনটোৰ ধাৰাবাহিক আন্দোলনৰ পিছত মাজুলীত উপস্থিত হোৱা অধ্যক্ষগৰাকীয়ে এই ক্ৰুটি সমূহক সামান্য ভুল বুলি তাচ্ছিল্যসুচক মন্তব্য কৰাত উভতি ধৰিছে মাজুলী মহকুমা ছাত্ৰ সন্থাই ৷ এই গৰাকী অধ্যক্ষৰ দিনত মাজুলী সুৰক্ষিত নহয় বুলিও সন্থাই অভিযোগ কৰে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাজীৱ যাদৱক শীঘ্ৰে অপসাৰণ কৰি নতুন অধ্যক্ষ নিযুক্তিৰে মাজুলীক বচাবলৈ ছাত্ৰ সন্থাই দাবী জনায় ৷
মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পবিত্ৰ গোস্বামীয়ে কয় যে মাজুলীলৈ আহি মাজুলীৰ ভূমিত অধ্যক্ষগৰাকীয়ে মাজুলীক প্ৰকৃত মনেৰে সুৰক্ষা দিবলৈ নহাটো স্পষ্ট হৈ পৰিল বৰঞ্চ ব’ৰ্ড আৰু টি.কে কোম্পানীক সুৰক্ষা দিবলৈ অহা পৰিলক্ষিত হ’ল বুলি গোস্বামীয়ে ক্ষোভেৰে কয় ৷ এইগৰাকী অধ্যক্ষৰ নেতৃত্বত মাজুলী সুৰক্ষিত যে নহয় সেয়া প্ৰমান হোৱাৰ লগতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডক মাজুলীৰ পৰা অপসাৰণ কৰি অান কোনোবা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানক মাজুলীৰ স্থায়ী সুৰক্ষাৰ দায়িত্ব অৰ্পনৰ দাবী জনায় ৷
- Log in to post comments
- 20 views