ওদালগুৰিৰ প্রতিবেদক :
বিগত দুটা বৰ্ষৰ দৰে এইবেলিও ওদালগুৰিৰ পুস্প নগৰ যুৱ সমাজৰ উদ্যোগত তৃতীয় বাৰ্ষিক বহাগী উৎসৱ ২০১৯ আজি ১০ মে তাৰিখ শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হৈছে। শুকুৰবাৰৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১০ বজাত পতকা উত্তোলন| উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি হিৰেন বৰ্মণে।১০ঃ৩০ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি যতীন ৰাজবংশীয়ে,১১ বজাত বিহুৰ প্ৰসাদ বিতৰন ১১ঃ৩০ বজাত কণ-কণ ল'ৰা-ছোৱালীৰ খেল ধেমালী প্ৰতিযোগিতা অনুস্থিত হয়।
সন্ধিয়া ৬ বজাত সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰে ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নাৰায়ন পটঙ্গীয়াই,সন্ধিয়া ৭ বজাত সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা অনুস্থিত হয়।
- Log in to post comments
- 46 views