ডিমৌৰ মাৰাথনত সুৰয দাস আৰু খাটগুৰিত  আনন্দ বৰা শ্ৰেষ্ঠ

marathon

নগাঁৱৰ  পৰা ঋতু পৰ্ণ শৰ্মা :

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌ চাৰিআলিত শুক্ৰবাৰে ৩৭ সংখ্যক আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয় । ৰঙালী বিহুৰ উৎসৱৰ লগত সংগতি ৰাখি পুৱা ৬ বজাত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত জয়কৃষ্ণ ডেকা স্মৃতিত মাৰাথন দৌৰ প্ৰতিযোগিতা। প্ৰাক্তন
ৰাজ্যিক দৌৰ আৰু ফুটবল খেলুৱৈ তথা ক্ৰীড়া পেঞ্চনাৰ বিমল ডেকাই উদ্বোধন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে যোগদান কৰে ।nagaon

ঘোষিত ফলাফল অনুসৰি ২৫০০টকা আৰু মানপত্ৰৰে শ্ৰেষ্ঠস্থান অৰ্জন কৰে সুৰজ দাসে । ২০০১ টকা আৰু মানপত্ৰৰে দ্বিতীয় পুৰস্কাৰ লাভ কৰে ভূপেন ডেকাই ।১০০১টকা আৰু মানপত্ৰৰে মুনীন্দ্ৰ দাসৰ সোঁৱৰণত তৃতীয়, ৭০১টকা আৰু মানপত্ৰৰে তগৰ দেউৰীৰ সোঁৱৰণত চতুৰ্থ  তথা ৫০১টকা আৰু মানপত্ৰৰে কনফুল ডেকাৰ সোঁৱৰণত পঞ্চম পুৰস্কাৰ লাভ কৰে ক্ৰমে চহম কৈঞা, সুনীল সেন  তথা মোহন বৰদলৈয়ে। নিচুকণি পুৰস্কাৰ লাভ কৰে নেত্ৰকমল বৰদলৈ,জুৰি কেওট, চেচন লেকয়,মাধুৰ্য দেউৰী,পংকজ বৰা,অৰ্ণব বৰদলৈ,তৰালী দাস আৰু পৱন দাসে ।nagaon2

ইপিনে বেবেজীয়াৰ সমীপৰ খাটগুৰি বেবেজীয়া যুৱ সমাজৰ উদ্যোগত শুক্ৰবাৰে ১৬ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয় । ইয়াৰ লগত সংগতি ৰাখি সদৌ নগাঁও জিলা ভিত্তিত অনুষ্ঠিত হয়  মাৰাথন দৌৰ প্ৰতিযোগিতা । পুৱা ৬ বজাত বিশিষ্ট সমাজকৰ্মী জোন ৰাজখোৱাই উদ্বোধন কৰা  প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে যোগদান কৰে । nagaon4

ঘোষিত ফলাফল অনুসৰি ২০০১ টকা আৰু মানপত্ৰ সহ প্ৰশান্ত সোণোৱালৰ সোঁৱৰণত শ্ৰেষ্ঠ স্থান লাভ কৰে আনন্দ বৰাই ।১৫০১  টকা আৰু মানপত্ৰৰে পোৱাল বৰাৰ সোঁৱৰণত আৰিজুল হকে  দ্বিতীয় পুৰস্কাৰ লাভ কৰে । ১০০১টকা আৰু মানপত্ৰ তথা ৫০১ টকা আৰু মানপত্ৰৰে তৃতীয় তথা চতুৰ্থ স্থান লাভ কৰে ক্ৰমে মান সিং ৰংপী আৰু মংগল সিং টেৰঙে ।

 নিচুকণি পুৰস্কাৰ লাভ কৰে জ্ঞান জ্যোতি বৰদলৈ,অশোক ডেকা,বিকি বৰদলৈ,ধন মণি মণ্ডল, কপিল দেওৰজা আৰু ৰিকি বৰদলৈয়ে ।

Your Comments