
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
কৃষ্ণাইখাট । নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ এক ঐতিহাসিক স্থান । বেবেজীয়াৰ পূব প্ৰান্তত অৱস্থিত এই স্থানতে আছে আউনিআটী শাখা সত্ৰ । বুধবাৰে শাখা সত্ৰখনৰ নৱ-নিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা কৰা হয় । সত্ৰখনৰ সিংহাসনভাগ এক মাংগলিক পৰিৱেশত ধৰ্মীয় ৰীতি-নীতিৰে প্ৰতিষ্ঠা কৰে বিশিষ্ট বৈষ্ণৱ পণ্ডিত তথা মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ
দেৱ গোস্বামীয়ে। সিংহাসন প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত মুকলি ধৰ্মালোচনী সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি ডঃ পিতাম্বৰ দেৱ গোস্বামীয়ে কয় যে ৰাজ্যৰ
বিভিন্ন প্ৰান্তত থকা সত্ৰসমূহৰ শিষ্যসকল মূল সত্ৰৰ অভিন্ন অংগ ।
শিষ্য সকলৰ লগত সঘনাই যোগসূত্ৰ স্থাপন কৰি সত্ৰীয়া সংস্কৃতিৰ দিশটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শাখা সত্ৰসমূহৰ প্ৰাসংগিকতা অধিক । নিজৰ প্ৰায় দুঘন্টাজোৰা ভাষণত ডঃ গোস্বামীয়ে আৰু কয় যে মানুহৰ জীৱনত গৰ্ভধাৰণৰ পৰা আৰম্ভ কৰি অন্তিম সংস্কাৰ পৰ্যন্ত সামৰিলোৱা এই দশ সংস্কাৰ পালন কৰিব পাৰিলেহে জীৱৰ মুক্তি সম্ভৱ । বিকাৰমুক্ত আত্মাইহে জীৱনলৈ সুন্দৰতা আৰু পূৰ্ণতা আনিব পাৰে । কেৱল সোণৰ অলংকাৰ পিন্ধিলেই মানুহ সুন্দৰ নহয় ।
সত্য,সৌষ্ঠৱ,অহিংসা,দয়া,ক্ষমা,পৰোপকাৰ আদি অলংকাৰবোৰেহে মানুহক সুন্দৰ কৰে । বিশিষ্ট সংস্কৃত পণ্ডিত যজ্ঞপতি শাস্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি শিশু সাহিত্যিক তথা নুপুৰ মোমাইদেউ ত্ৰৈলোক্য ভট্টাচাৰ্যই কয় যে আমাৰ কণ কণ শিশুসকলকো সিহঁতৰ মনোগ্ৰাহী হোৱাকৈ নিজৰ ধৰ্মৰ কথাবোৰ শুনাব লাগে । সাধু কথাৰ
মাধ্যমৰে পঢ়িব নজনা বয়সৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা উচিত । সমাজক ধৰ্মীয় দিশত সঠিক পথেৰে আগবঢ়াই নিব পাৰিব মহিলাসকলে ।দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক লৱকান্ত শৰ্মাই আঁত ধৰা মুকলি সভাত দুই সহস্ৰাধিক শিষ্য-প্ৰশিষ্যৰ লগতে ভক্তপ্ৰাণ ৰাইজ ধৰ্মালোচনী সভাত উপস্থিত থাকে । উল্লেখযোগ্য যে চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মণিকূটৰ দ্বাৰ উদঘাটন আৰু সিংহাসন প্ৰতিষ্ঠাৰ অংশৰূপে সোমবাৰ আৰু মংগলবাৰে শাখাসত্ৰখনত শৰণ-ভজনৰ লগতে বুধবাৰে নিশা অঞ্চলৰ শিল্পীসকলৰ দ্বাৰা "ভক্ত প্ৰহ্লাদ" অংকীয়া ভাওনা পৰিবেশন কৰা হয় বুলি উদযাপন সমিতিৰ সভাপতি নিতাই শৰ্মা আৰু সম্পাদক তাৰিণী মোহন শৰ্মাই জনাইছে ।
- Log in to post comments
- 69 views