বঙাইগাঁওঃ ৬ মেঃ
বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত বঙাইগাঁও ষ্টেডিয়াম পথটোৰ মেৰামতিৰ কাম অতি লেহেমীয়া হোৱাত গুৰুনানক নগৰ, জ্যোতি নগৰ, দুৰ্গা নগৰ, দোলাইগাঁও আদি অঞ্চলবাসী ভীষণ অসুবিধাৰ সন্মুখীন হৈছে । উল্লেখ্য যে বঙাইগাঁও চহৰৰ অন্যান্য উপ পথসমূহৰ দৰে বঙাইগাঁও ষ্টেডিয়াম পথটোও অত্যন্ত গুৰুত্বপূৰ্ণ পথ হিচাপে বিৱেচিত হৈ আহিছে ৷ বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱৰ বীৰ চিলাৰায় পথৰ পালসিং গেৰেজৰ পৰা গুৰুনানক নগৰ হৈ কুকুৰমাৰী-নতুনপাৰা-ভাকাৰীভিটা গড়কপ্তানী পথত সংযোগ ঘটা প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰাজীৰ্ণ পথটোৰ সুদীৰ্ঘ পাঁচ বছৰ বিৰতিৰ পিচতহে মেৰামতিৰ কাম আৰম্ভ হৈছে ৷
বিগত ২০১৪ বৰ্ষৰ লোকসভা নির্বাচনৰ পূর্বে বঙাইগাঁও ষ্টেডিয়াম পথটি মেৰামতি কৰাৰ তেইশ দিন পিচতে পুনৰ জৰাজীৰ্ণ হৈ পৰিছিল । ইতিমধ্যে সংবাদ মাধ্যমতো পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাতৰি প্ৰকাশ পাইছিল আৰু পিচত সংশ্লিষ্ট পক্ষই ৰাইজক পথটো মেৰামতিৰ আশ্বাস দিছিল ৷ বিগত পাঁচটা বছৰে অঞ্চলটোৰ ৰাইজে বঙাইগাঁও জিলা প্ৰশাসন, বঙাইগাঁও গড়কাপ্তানী (পথ) আৰু বঙাইগাঁও সমষ্টিৰ বিধায়কৰ পিছে পিছে ঘুৰি জৰাজীৰ্ণ পথটোৰ মেৰামতিৰ দাবী উত্থাপন কৰি আহিছিল। জনগণৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ পথটো মেৰামতি কৰাৰ বাবে ৫৮ লাখ টকা আবন্টন দিয়ে।
কিন্তু লক্ষ্যণীয় যে তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচনৰ অধীসূচনা জাৰি কৰাৰ প্ৰাকক্ষণ অৰ্থাৎ মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা পথটো মেৰামতিৰ দায়িত্ব লাভ কৰা ঠিকাদাৰগৰাকীয়ে কাম আৰম্ভ কৰে। কিন্তু কামৰ লেহেমীয়া গতিয়ে এতিয়া অঞ্চলবাসী ৰাইজৰ লগতে পথচোৱাৰে যাতায়াত কৰাসকলক অসুবিধাত পেলাইছে ৷ কাম আৰম্ভ কৰাৰ নামত জনৈক জৈন উপাধিৰ ঠিকাদাৰগৰাকীয়ে তেওঁৰ সহযোগী উপ ঠিকাদাৰৰ জৰিয়তে পথটোৰ দুয়ো কাষৰ মাটি খান্ধি শিল দিয়াৰ নামত পথটোৰ দুয়োকাষৰ কেঁচা নলা প্ৰায় বন্ধ সদৃশ কৰি পেলাইছে। ফলত বৰষুণ আহিলেই পথচোৱা হৈ পৰে পুখুৰী সদৃশ ৷
ঠিকাদাৰগৰাকীয়ে অত্যন্ত লেহেমীয়া গতিৰে পথটোৰ মেৰামতিৰ কাম কৰাত স্থানীয় ৰাইজৰ লগতে এতিয়া বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় , বঙাইগাঁও আৰক্ষী ৰিজাৰ্ভ , বঙাইগাঁও সামাজিক বনানীকৰণ বিভাগৰ কাৰ্যালয় , দোলাইগাঁও জামে মছজিদ , বঙাইগাঁও বড়ো কালচাৰেল হাউচ , বঙাইগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ কাৰ্যালয় , ভাৰতীয় খাদ্য নিগমৰ বঙাইগাঁও ভড়াল আদিলৈ এই পথেৰে অহা- যোৱা কৰাসকলৰ লগতে বৃহত্তৰ দোলাইগাঁও অঞ্চলৰ সাধাৰণ জনগণৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে ৷
ইপিনে পথটোত মেটেল, ৰিভাৰ গ্ৰেভেল, বালি আদি জমা কৰি ৰখাত যান-বাহন চলাচলত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে ৷ সেইদৰে ৫৮লাখ টকা আবণ্টিত কামটো তদাৰক কৰিবলৈ নিৰ্মাণস্থলীত স্থানীয় ৰাইজে কোনো ঠিকাদাৰ, বিভাগীয় অভিযন্তা, কনিষ্ঠ অভিযন্তা আদিক দেখিবলৈ নোপোৱাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ কাৰণ ৰাইজে পথচোৱাৰ কাম উন্নত হোৱাতো বিচাৰিছে ৷ লগতে পথচোৱা অতি সোনকালে নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ ব্যৱস্থা সুচল কৰিবলৈ স্থানীয় ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে।
- Log in to post comments
- 16 views