ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধিত উদ্বিগ্ন স্বেচ্ছাসেৱী অনুষ্ঠান মাইহাং

hati

নগাঁৱৰ পৰা  ঋতু পৰ্ণ শৰ্মা, ৬মে'

হাতী আৰু মানুহৰ সংঘাত নতুন নহয় । ৰাজ্যত এই সংঘাত হ্ৰাস হোৱাতকৈ দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত  হৈছে। সাধাৰণতে খাদ্য বিচাৰি  হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে । মানুহৰ ঘৰ বাৰী  অথবা শস্যৰ পথাৰ তহিলং কৰে। বনৰীয়া হাতীৰ পালে মানুহৰ বাসগৃহ ধ্বংস কৰাৰ উপৰি  মানুহকো গচকি মৰাৰ বহু উদাহৰণ আছে । ইয়াৰ প্ৰত্যুত্তৰ হিচাপে গুলী মাৰি অথবা বৈদ্যুতিক কাৰেণ্ট লগাই "জীৱ শ্ৰেষ্ঠ" ৰূপে পৰিচিত মানুহেও এই পৰ্যন্ত বহু হাতী হত্যা কৰিছে ।hati2

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ পাহাৰীয়া অঞ্চল সমূহতো হাতী-মানুহৰ সঘন সংঘাত হৈ  অহাৰ কথা শুনা যায়। ইফালে হাতী-মানুহৰ সংঘাতত মানুহৰ মৃত্যু হ'লে উত্তেজিত জনতাই ক্ষোভত
ৰাজপথ অবৰোধ কৰিব পৰ্যন্ত কৰে। ইয়াৰ বহু পিছত বন বিভাগৰ লোক উপস্থিত হয়। গুলী ফুটোৱাৰ বাহিৰে বন বিভাগৰ হাতত আন একো উপায়ো নাথাকে ।

এই নিত্য নৈমিত্তিকতাৰ মাজতেই ৰাইজৰ প্ৰশ্ন কিমান দিনলৈ এনেদৰে চলি থাকিব হাতী-মানুহৰ সংঘাত ? তথ্য অনুসৰি অসমত ২০১৭-১৮ বৰ্ষত ১৭৯৪টা গৃহ আৰু ২১৯৪ টা পৰিয়ালৰ  ১১৪৬১০হেক্টৰ কৃষিভূমি ক্ষতি হোৱাৰ বিপৰীতে ২০১৬-১৭ বৰ্ষত হাতীৰ আক্ৰমণত ১৭৫২ টা গৃহ আৰু ১২০৮টা পৰিয়ালৰ ৬৩৬৬০ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছিল । এই তথ্যৰ পৰা স্পষ্ট হৈ পৰে যে হাতী-মানুহৰ সংঘাত বছৰি হ্ৰাস পোৱাতকৈ বৃদ্ধি পাইছে ।

নগাঁও জিলাৰ এক অগ্ৰণী প্ৰকৃতিপ্ৰেমী সংগঠন "মাইহাং"ৰ সভাপতি দুলাল বৰা আৰু সম্পাদক ঋতু পৰ্ণ শৰ্মাই NewsASNক  কয় যে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ প্ৰথমে অবাধ বন ধ্বংস ৰোধ কৰিব লাগিব । বনাঞ্চলসমূহত  হাতী বসবাস কৰিব পৰাকৈ উপযুক্ত বাতাবৰণ সৃষ্টি কৰিব লাগিব । সাধাৰণতে গছ-বন ধ্বংস কৰি অহাৰ মূলতে খাদ্যৰ অভাৱত পৰি  হাতীবোৰ  জনবসতি পূৰ্ণ এলেকালৈ ওলাই আহে । তদুপৰি মানুহে ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। হাতীৰ বিচৰণস্থলী  অথবা হাতী অহা-যোৱা কৰা এলেকাত জধে-মধে গৃহ নিৰ্মাণ কৰাৰ পৰা  বিৰত থাকিব লাগিব বুলি প্ৰকৃতিপ্ৰেমী সংগঠনটিৰ সভাপতি-সম্পাদকদ্বয়ে মত  প্ৰকাশ কৰিছে ।

জনসাধাৰণ সচেতন নোহোৱালৈকে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হয়তো কেতিয়াও শেষ নহ'ব বুলিও তেওঁলোকে মত ব্যক্ত কৰে । এনে সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত  কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ  বন  বিভাগক শীঘ্ৰে উন্নত পদক্ষেপ  গ্ৰহণ কৰিবলৈ "মাইহাং"ৰ বিষয়ববীয়াদ্বয়ে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়।

Your Comments