কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা
কপিলী নৈৰ ব্যাপক খহনীয়াই ভাবুকি আনিছে নগাঁও জিলাৰ ইতিহাসপ্ৰসিদ্ধ কামপুৰৰ ৰত্নাৱলী থানলৈ। মন্ত্ৰিত্ব পোৱাৰ পিছত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা থানখনত উপস্থিত হৈছিল কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্ত। স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তও থানখনত উপস্থিত হৈছিল।মন্ত্ৰীজনে খহনীয়া প্ৰতিৰোধৰ আশ্বাস দিছিল যদিও কেইটামান বাঁহৰ খুটা পুতিয়েই দায়িত্ব সামৰিলে দায়িত্বশীল বিভাগে।
প্ৰতিদিনে হৈ থকা কপিলী নদীৰ প্ৰৱল খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ ভাবুকি আহিছে থানখনলৈ । থানখনৰ এই অৱস্থা প্রত্যক্ষ কৰি ভক্তসকলে ক্ষোভ প্ৰকাশ কৰিছে।আনহাতে,থানখনৰ পূজাৰীয়ে শাও দিছে জনপ্ৰতিনিধিক।
ইফালে,নগাঁও-কাৰ্বি আংলং পথৰ বকুলগুড়িত কপিলী নৈৰ ভয়াবহ খহনীয়া প্ৰতিৰোধৰ বাবে কামপুৰীয়া ৰাইজে বহু আবেদন-নিবেদন কৰিও চৰকাৰৰ পৰা সুফল নাপালে। বাৰিষা আৰম্ভ হোৱাৰ পিছতো কোনো ব্যৱস্থা নহ'ল গড়াখহনীয়া প্ৰতিৰোধৰ ।
- Log in to post comments
- 9 views