কল্যাণজ্যোতি বুঢ়গোহাঁই, শিৱসাগৰ
দিচাংমুখ প্ৰেছ ক্লাৱৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি যোৱা ৫ মে'ত প্ৰয়াত ছাত্ৰনেতা অনিল পাংগিং ভৱনত বণাঢ্য কাযসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা এক অন্তৰংগ আলাপ অনুষ্ঠান উদ্বোধন কৰি শিৱসাগৰৰ জ্যেষ্ঠ চিকিৎসক তথা অসম চৰকাৰৰ অসম চৰকাৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক প্ৰবুদ্ধ প্ৰসাদ চেতিয়াই কয় গ্ৰামাঞ্চলৰ সাংবাদিকসকেলই হ’ল এখন কাকতৰ মূল চালিকা শক্তি। এখন বাতৰি কাকত জীয়াই ৰখাৰ ক্ষেত্ৰত এই সাংবাদিকসকলে বিশেষ ভূমিকা পালন কৰে।মফচলীয়া সাংবাদিকসকলৰ অবিহনে এখন বাতৰি কাকত জীয়াই থকাটো সম্ভৱপৰ নহয়।
সাম্প্ৰতিক সময়ত ৰাজ্যৰ বিভিন্ন স্থানত উদ্বেগজনকভাৱে প্ৰতিক্ৰিয়াশীল চক্ৰৰ হাতত সাংবাদিক নিযাতন হোৱাত চিকিৎসকগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে।দিচাংমুখ প্ৰেছ ক্লাৱৰ সম্পাদক মনোজ কুমাৰ গগৈ আৰু সহকাৰী সম্পাদক ৰজনীকান্ত পাংগিঙে আঁত ধৰা অনুষ্ঠানটোত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় সাংবাদিকসকলে জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰে। গাঁও অঞ্চলৰ অভাৱ-অভিযোগ সাংবাদিকসকেল দাঙি ধৰে।
কিন্তু এইসকল সাংবাদিকেই আজি উপেক্ষিত। এই সাংবাদিকসকলৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰশাসনৰ লগতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। অন্তৰংগ আলাপ অনুষ্ঠানটো সঞ্চালনা কৰে সভাপতি কুমাৰ অভিজিত দুৱৰাই। সভাত দিচাংমুখ জিলা পৰিষদৰ সদস্য অনিৰাম পাংগিং, যুৱ সংগঠক অজুন গোৱালা, দিচাংমুখ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পংকজ বৰুৱা, ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ শিৱসাগৰ জিলা সমিতিৰ সহকাৰী সম্পাদক বিৰিঞ্চি গোহাঁই, জিলা কংগ্ৰেছৰ সাংস্কৃতিক বিভাগৰ অধ্যক্ষা মুস্তাফা খান, আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক কৌশিক গগৈ, মহকুমা সমিতিৰ সাংগঠনিক সম্পাদক গোবিন গগৈ, সমাজকমী লক্ষী হাজৰিকা, বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদ্মকান্ত দাস, মৰিয়া ছাত্ৰ সন্থাৰ সভাপতি আছাদুৰ ৰহমান উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
অনুষ্ঠানৰ পূবে পুৱা পতাকা উত্তোলন কৰে দিচাংমুখ প্ৰেছক্লাৱৰ সভাপতি কুমাৰ অভিজিৎ দুৱৰাই। স্মৃতি তপন কৰে উপ-সভাপতি ইন্দ্ৰ গোহাঁই আৰু পৰাগ শইকীয়াই। অনুষ্ঠানত শিশুশিল্পী জ্যেতিময় চাংমাই, অবিনাশ চাংমাই, প্ৰস্তুতি গোহাঁই, চন্দ্ৰোময় চাংমাই, অমৃত হাজৰিকা, দিগন্ত পাংগিং আৰু মনোজ দিচাঙে গীত পৰিবেশন কৰা লগতে অনুয় য়েইন আৰু দেৱ মিলিয়ে কবিতা পাঠ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
- Log in to post comments
- 20 views