শিৱসাগৰঃ ৬ মে' :
যোৱা ১৯ এপ্ৰিলত শিৱসাগৰ চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ভোলানাথ পাৰ্কিংৰ পৰা চুৰি হোৱা ফকলেন উদ্ধাৰ হয় অৰুণাচল প্ৰদেশত। অভিযোগ অনুসৰি যোৱা ১৯ এপ্ৰিল তাৰিখে ভোলানাথ পাৰ্কিংৰ পৰা আৰিফ খান,ৰাজু আৰু কেইজনমান যুৱকে ঝাৰখণ্ডৰ উমেশ কুমাৰ যাদৱ নামৰ এজন লোকৰ ফকলেনখন ভয়-ভাবুকিৰে বলপূৰ্বক লৈ যায়।
ঘটনা সন্দৰ্ভত উমেশ কুমাৰ যাদৱে শিৱসাগৰ সদৰ থানাত ২১ এপ্ৰিল তাৰিখে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৩০২/২০১৯ নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডাবিধী আইনৰ ৩৮৭ ধাৰাত অনুসন্ধান আৰম্ভ কৰে আৰক্ষীয়ে। আনহাতে ফকলেন খন ফাইনাঞ্চ কৰা বিআৰডি ইকুইপমেণ্ট ফাইনাঞ্চ লিমিটেডৰ জিপিআৰএচ চিষ্টেমত অৱশেষত অৰুণাচলৰ মেও থানাৰ অন্তৰ্গত খাচাংত ফকলেনখন থকা বুলি তথ্য লাভ কৰে শিৱসাগৰ আৰক্ষীয়ে।
উক্ত খবৰৰ ভিত্তিত শুক্ৰবাৰে শিৱসাগৰ আৰক্ষীৰ এক দলে অৰুণাচল আৰক্ষীৰ সহযোগত খাচাংত ফকলেনখন উদ্ধাৰ কৰে।জানিব পৰা অনুসৰি ডকাইতৰ দলটোৱে বলপূৰ্বক ভাৱে লৈ যোৱা ফকলেন খন জাগুনৰ এজন ব্যক্তিক কামত লগাবলৈ দিছিল।আনহাতে বৰ্তমানে পলাতক আৰিফ খানে উমেশ যাদৱৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰি কেতবোৰ দলিল আৰক্ষীক প্ৰদান কৰিছে যদিও এতিয়াও আৰক্ষী নিশ্চিত হব পৰা নাই।
আনহাতে চহৰৰ মাজমজিয়াৰ পৰা এইদৰে ফকলেন চুৰি হোৱা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ ব্যক্তিৰ মতে উমেশ কুমাৰ যাদৱ নামৰ ব্যক্তিজনে অতি সংগোপনে ফকলেনখন আৰিফ খানক বিক্ৰী কৰা বুলি অভিযোগ উঠিছে । যাৰ বাবে আৰিফ খানৰ মাতৃয়ে উমেশ যাদৱৰ বিৰুদ্ধেও শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীৰ প্ৰকৃত তদন্ততহে জানিব পৰা যাব প্ৰকৃততে ফকলেনখন বিক্ৰী কৰিছিল নে চুৰি কৰিছিল।
- Log in to post comments
- 15 views