এআইএছএছইৰ  দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা: গোলাঘাট বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ সাফল্য 

গোলাঘাটৰ পৰা মিনাক্ষী ফুকন 

আজি ঘোষণা হোৱা এআইএছএছইৰ অধীনৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত গোলাঘাটৰ অন্যতম আগশাৰীৰ বিদ্যালয় বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ে  বিশেষ সফলতা দেখুৱাবলৈ সক্ষম হয়।


এই বৰ্ষত বিদ্যালয়খনৰ মুঠ ৮৭ গৰাকী  পৰিক্ষাৰ্থীয়ে  চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে  ৯০%ৰ ওপৰত  ২৫ জন , ৮০% ওপৰত ৩১ জন, ৭০%ৰ ওপৰত ১৫ জন আৰু ৬০% ওপৰত ৭ জনকৈ মুঠ ৮৬ জনে সফলতাৰে উত্তীৰ্ণ  হয়।


 বিদ্যালয়খনৰ অধিৰাজ নাথে ৯৭% লাভ কৰি শীৰ্ষ স্থান পায়। আনহাতে ভাস্বতী গগৈয়ে ৯৬.২ % ,টানিছা ভট্টাচাৰ্যই ৯৬% ,মানভী মহেশ্বৰীয়ে ৯৫.৪% আৰু দেৱলীনা বৰুৱাই ৯৫.৪% লাভ কৰে।

Your Comments