নলবাৰীৰ পৰা হেমন্ত কলিতা
৩০টা বছৰে এটা চপৰা নপৰা এখন গাঁৱৰ এটা পথৰ কাহিনী ৷ ৰাজ্যত এতিয়া গ্ৰাম্যপথৰ যে মৃত্যু ঘণ্টা বাজিছে এয়াই সত্য । নলবাৰী জিলাৰ পূব নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭ নং পূব বাঁহজানীৰ হাজো- নলবাৰী মূল পথৰ পৰা বালা মুগকুছি নামঘৰ হৈ ৭ নং পূব বাঁহজানী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিদ্বয় ভৰত বৈশ্য আৰু নলিনী কান্ত শীলৰ ঘৰৰ সন্মুখৰে কুটীৰ শিল্প গাওঁ তিলানা সংযোগী পথটোৰ ভয়ংকৰ অৱস্থা দেখি মূৰে-কপালে হাত দিছে গাওঁখনৰ লগতে অঞ্চলটোৰ ৰাইজে । বিগত দুদিনমানৰ বৰষুণৰ বাবেই পথটোৰ ৯৯% পথ বোকাময় হৈ পৰাৰ বাবে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰিছে৷বিগত সময়ৰ দুজনকৈ পঞ্চায়তৰ সভাপতিৰ ঘৰৰ সন্মুখৰ পথটো নিৰ্মাণ নোহোৱাত ৰাইজ খৰ্গহস্ত হৈ পৰিছে ৷
পথটো নিৰ্মাণ নকৰাৰ ফলত ৰোগীক চাইকেল নাইবা সাঙি কৰি নিব লাগে চিকিৎসালয়লৈ। পথটোৰ দুৰাৱস্থাৰ বাবে পথটোৰে বিপদসংকুলভাৱে চাইকেল আৰু বাইক চলাই যাতায়াত কৰিব লগা হৈছে পথচাৰীয়ে।স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বিগত ৩০ বছৰৰ অধিক সময় ধৰি নিৰ্মাণ হোৱা নাই পথচোৱা ৷ তাৰ ফলস্বৰূপে সম্প্ৰতি ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে যমৰ যাতনা ভুগিব লগা হৈছে।
কিন্তু এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতি কৰাৰ বাবে কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। এতিয়া যে মুখ্যমন্ত্ৰীৰ ধমককো কেৰেপ নকৰে জনপ্ৰতিনিধি তথা পঞ্চায়ত বিভাগৰ বিষয়া কৰ্মচাৰীসকলে,ই তাকেই প্ৰমাণ কৰিছে। এয়াই হৈছে ৰাজ্য চৰকাৰখনৰ উন্নয়ণ- শ্ল’গানৰ প্ৰকৃত ছবি ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ
৭ নং পূব বাঁহজানী গাঁও পঞ্চায়তৰ অধীনৰ তিলানা গাঁওৰ এই পথৰ বাবে যমৰ যাতনা ভোগ কৰি অহা নতুন সমস্যা নহয় ৷ এই পথটোৰ মেৰামতিৰ অভাৱত এজাক বৰষুণত বোকা-পানীৰে গাড়ী মটৰ চলোৱাটো দূৰৰ কথা খোজকাঢ়িবলৈ অৱস্থা নোহোৱা হয় ।শীঘ্ৰেই পথটো পকীকৰন কৰাৰ বাবে স্থানীয় ৰাইজে বিধায়কগৰাকীৰ লগতে সংশ্লিষ্ট বিভাগক অনুৰোধ জনাইছে ৷
- Log in to post comments
- 16 views