লামডিঙত গাঞ্জাসহ গ্ৰেপ্তাৰ মহিলা

ganja

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

স্থলপথ নহয় ৰে'লপথৰে এতিয়া চোৰাং সৰবৰাহকাৰীয়ে সৰবৰাহ কৰে চোৰাং সামগ্ৰী।হয়, চোৰাং ব্যৱসায়ীয়ে নিৰাপদ পথ হিচাপে ব্যৱহাৰ কৰিছে  ৰে'লক।কিন্তু চোৰাং ব্যৱসায়ীক ৰুধিবলৈ সক্ৰিয় হৈ পৰিছে আৰক্ষী।লামডিঙত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুগৰাকী মহিলা গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে আন এগৰাকী মহিলা।শনিবাৰে ৰে'লেৰে ড্ৰাগছ কঢ়িয়াই অনা এগৰাকী মহিলাক ষ্টেচনৰ সমীপতে গ্ৰেপ্তাৰ কৰে হোজাই আৰক্ষীয়ে।lamding


থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন বৰাই এক গোপন সূত্ৰৰ পম খেদি অভিযান চলোৱাত বিদ্যানগৰৰ ৰীণা বিশ্বাস নামৰ মহিলাগৰাকীৰ বেগৰ ভিতৰৰ পৰা কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত দুই টোপোলা গাঞ্জা জব্দ কৰে।
টোপোলা দুটাত তিনি কেজি গাঞ্জা থকাৰ কথা ধৃত মহিলাগৰাকীয়ে স্বীকাৰ কৰাৰ লগতে ৯ হাজাৰ টকাত ক্ৰয় কৰি প্ৰতি কেজিত ৪ হাজাৰ টকাত বিক্ৰী কৰে বুলিও ভাষ্য প্ৰদান কৰে।ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীক মাৰাথন জেৰা চলাই আছে।

Your Comments