বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদনঃ
নলবাৰী জিলাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান বৰভাগ মহাবিদ্যালয়ৰ কেইজনমান উদ্যোগী ছাত্ৰ-ছাত্ৰীৰ এটা গোটে স্বচ্ছ ভাৰত গ্ৰামীণৰ "জাৱৰ জোথৰ নিষ্কাশন প্ৰকল্প" সপ্তাহ কায্যসূচীত অংশ গ্ৰহণ কৰে ।গোটটোৱে যোৱা ২১ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ,নলবাৰী আৰু বিশুদ্ধ পানী আৰু অনাময় সংস্থা নলবাৰীৰ সহযোগত বৰভাগ আৰু পশ্চিম বৰভাগ এলেকাৰ সাতটা ৰাজহুৱা স্থানত স্বচ্ছ অভিযান চলাই জাৱৰ জোথৰ পৰিস্কাৰ কৰে।
মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় শ্ৰী ফণীধৰ ডেকা দেৱৰ নেতৃত্বত মহাবিদ্যালয়ৰ সাতজন ছাত্ৰ-ছাত্ৰীৰ এই গোটটোৱে বৰভাগ আৰু পশ্চিম বৰভাগত থকা চ'ক, সাপ্তাহিক বজাৰ,প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ইত্যাদি সাতখন ঠাইক সামৰি উক্ত প্ৰকল্পটো সম্পন্ন কৰে।
মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ এনে পদক্ষেপক সমাজৰ বিভিন্ন জনে আদৰণি জনাইছে।
- Log in to post comments
- 16 views