শিৱসাগৰঃ ৩ এপ্ৰিলঃ
শিৱসাগৰ চহৰৰ সমীপৰ ঐতিহাসিক দুৱৰিয়ণী আলি নতুনকৈ নিৰ্মাণৰ দাবীত আজি পুৱা বীৰ লাচিত সেনা, ঐক্য সেনা আৰু ভুক্তভোগী ৰাইজে ৰংঘৰ চাৰিআলিত দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।
বীৰ লাচিত সেনা আৰু ঐক্য সেনা অসমৰ কেইবাশতাধিক কৰ্মীৰ লগতে স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। পথ অৱৰোধৰ ফলত প্ৰায় দুঘন্টাৰ বাবে শিৱসাগৰ চহৰলৈ অহা যোৱা কৰাটো এক প্ৰকাৰ বন্ধ হৈ পৰে। ৰংঘৰ চাৰিআলিৰ দুয়োকাষে সৰু ডাঙৰ গাড়ীৰ বৃহৎ শাৰী দেখিবলৈ পোৱা গ'ল। পিছত শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি অসমৰ গড়কপ্তানী মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উপায়ুক্ত হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে শিৱসাগৰ জিলাৰ দণ্ডাধীশ সম্প্ৰিতী গোস্বামীয়ে।
গড়কপ্তানী মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত সংগঠন কেইটাই এইবুলি উল্লেখ কৰে যে, শিৱসাগৰ চহৰৰ সমীপৰ ৰংঘৰ চাৰিআলিৰ পূবদিশে বগীদ'ল পাঁচআলিলৈকে আৰু পশ্চিমে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযেগী মুঠ ৯.৮৫ কিলোমিটাৰ দৈঘ্যৰ ঐতিহাসিক দুৱৰিয়ণী আলিৰ অৱস্থা সম্পূৰ্ণ বিধস্ত। এই পথটোৱেদি দৈনিক শ শ সৰু ডাঙৰ যান-বাহন চলাচল কৰাৰ লগতে মেটেকা আৰু আমগুৰি অঞ্চলত থকা অ'অনজিচিৰ তৈল ক্ষেত্ৰসমুহলৈ সঘনাই গধুৰ যান-বাহন চলাচল কৰাৰ ফলত পথটোত বৃহৎ বৃহৎ গাতৰ সৃষ্টি হৈছে। যাৰ বাবে উক্ত পথটোত যানবাহন চলাচল একেবাৰে অনুপযোগী হৈ পৰিছে।
এই পথটোৱেদি দৈনিক অহা যোৱা কৰা শ শ স্কুল -কলেজৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী বে-চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে সাধাৰণ ৰাইজে জীয়াতু ভুগীবলগীয়া হৈছে। সৰ্বসাধাৰণ ৰাইজৰ এনে অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনতিপলমে পথটো যাতায়তৰ উপযোগী কৰি তোলাৰ লগতে পথটো পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰে।
- Log in to post comments
- 12 views