নিজ ডিমৌত কাইলৈ  ৰঙালী বিহুৰ আয়োজন

bihu

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ নিজ ডিমৌ যুৱক সংঘৰ উদ্যোগত আৰু  ৰাইজৰ সহযোগত অহা ৪মে'ত ৰঙালী বিহু উৎসৱৰ আয়োজন কৰিছে । নিজ ডিমৌ নামঘৰ প্ৰাংগনত আয়োজন কৰা  ৰঙালী বিহুৰ কাৰ্যসূচী অনুসৰি  কাইলৈ পুৱা পতাকা উত্তোলন কৰিব বিশিষ্ট সমাজকৰ্মী লৱকান্ত ডেকাই ।ইয়াৰ পাছতে খেল
-ধেমালি,কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।সন্ধ্যা বন্তি প্ৰজ্বলন কৰিব
জুনমণি বৰদলৈ আৰু মিতুল ডেকাই । নিশা সদৌ অসম ভিত্তিত বিহু কুঁৱৰী,
বিহু কন্যা আৰু একক  নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । বিহু কুঁৱৰী, বিহু কন্যা আৰু একক নৃত্য প্ৰতিযোগিতাৰ ভৰ্তি মাচুল
 ক্ৰমে ৩০০,২০০আৰু ১০৯
টকা ধাৰ্য্য কৰা হৈছে । বিহু 
কুঁৱৰীত তিনিটা শ্ৰেষ্ঠ স্থান প্ৰাপ্তক নগদ ৭৭৭৭,৫৫৫৫
আৰু ৪৪৪৪ টকা,বিহু কন্যাত ৫৫৫৫ , ৪৪৪৪ আৰু ৩৩৩৩ টকা তথা একক নৃত্য প্ৰতিযোগিতাত
৩০০১, ২৫০১ আৰু ২০০১ টকা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব বুলি উদোক্তাসকলে জনাইছে ।
সবিশেষ জানিবলৈ ৬০০২৮
,৩৪০৭৮ ৮৬৩৮১ ৩১১৬১ আৰু ৯১০১২ ৪৯৯৩৬ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

Your Comments