গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
শুকুৰবাৰে গোলাঘাটৰ তেতেলীতল অঞ্চলৰ বাঁহবাৰীত মটৰ চাইকেল আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ফৰকাটিঙৰ পৰা আহি থকা এখন স্কুটীয়ে তেতেলীতল দিশৰ পৰা আহি থকা এজন মটৰচাইকেল আৰোহীক সন্মুখৰ পৰা তীব্ৰ গতিৰে খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাত মটৰচাইকেল আৰোহীজনৰ লগতে স্কুটীত অহা দুয়োজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গমাৰীৰ বুধ্য দাসৰ লগতে শালমৰা অঞ্চলৰ ইমৰাণ খান আৰু গোলাঘাট উদয়নগৰৰ বুবুল আলী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।ইফালে গমাৰীৰ বুধ্য দাস আৰু শালমৰাৰ ইমৰাণ খানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 12 views