কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা
সম্প্ৰতি বিবাহ অনুষ্ঠানৰ খৰছ যথেষ্ট বৃদ্ধি পাইছে।যাৰ বাবে গ্ৰামীণ অঞ্চলৰ দুখীয়া-নিচলাৰ বাবে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাটো দুঃসাধ্য হৈ পৰিছে।কিন্ত এনে সময়তে দক্ষিণ পেটবঢ়াৰ ৰাইজে দক্ষিণ পেটবঢ়া খোৰা গোঁসাই থানত সমূহীয়া বিবাহ অনুষ্ঠিত কৰি গাঁৱৰে পাঁচ যোৰা যুৱক-যুৱতীক যুগ্ম জীৱন গঢ়ি তুলিবলৈ সহায় কৰে।
আনহাতে,সম্পূৰ্ণ গ্ৰাম্য জীৱনৰ পৰম্পৰাৰে অনুষ্ঠিত হোৱা এই বিবাহ অনুষ্ঠানে সকলোৰে দৃষ্টি আৰ্কষণ কৰে।গাঁওখনত এই সমূহীয়া বিয়াৰ বাবে পৰিৱেশ উখল-মাখল হৈ পৰে।লগতে পানী তুলিব যোৱাৰ সময়ত গোৱা বিয়াৰ নামে পৰিৱেশ অধিক শুৱনি কৰি তোলে।
- Log in to post comments
- 11 views