জুৰীয়াৰ পৰা উত্তম বৰা
নগাঁও জিলাৰ ৰূপহীহাটত নাবালিকা ধৰ্ষণৰ অভিযুক্ত পৰিল আৰক্ষীৰ জালত৷ ১ মে'ৰ দিনা এখন পথাৰত এগৰাকী ১০বছৰীয়া শিশুৰ ওপৰত শংকৰ মণ্ডল নামৰ এটা লম্পটে যৌন নিৰ্যাতন চলাইছিল। লম্পটটোৰ বিৰুদ্ধে ৰূপহী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল ৷
ইফালে,জঘন্য কাণ্ডটো সংঘটিত কৰিয়েই পলায়ন কৰিছিল অভিযুক্ত শংকৰ মণ্ডলে।ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত শংকৰক।
- Log in to post comments
- 7 views