লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ৰাজ্য কপাঁই যোৱা ডবকাৰ দীঘলজাৰুণি গাঁৱৰ নাৰকীয় দলবদ্ধ ধৰ্ষণ কাণ্ডৰ পাঁচ নৰপিশাচৰ ভিতৰত চাৰি নৰপিশাচক ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে আব্দুল মতিন নামৰ আনটো অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় |বৃহস্পতিবাৰে ডবকা আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই হোজাই ৰে'ল ষ্টেচনৰ সমীপৰ পৰা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা আনটো অপৰাধী আব্দুল মতিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় |উল্লেখ্য যে,যোৱা ২৪ এপ্ৰিলত গ্ৰেপ্তাৰ হোৱা পাঁচটাকৈ নৰপিশাচে ডবকাৰ দীঘলজাৰুণি গাঁৱৰ নিৰ্জন স্থানত এগৰাকী যুৱতীৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল।
- Log in to post comments
- 4 views