সৰুপথাৰৰ পৰা নবীন বৰা:-
ধনশিৰি মহকুমাৰ নাওজানৰ পৰা বোকাজান সংযোগী প্ৰায় ২৫ কি:মি: দৈৰ্ঘ্যৰ পথছোৱাই পথচাৰী সকলক সম্প্ৰতি দুৰ্ভোগ ভোগাই আহিছে। অতি ব্যস্ত এই পথছোৱাৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে৷ পথটোৰ মেৰামতিৰ বাবে গড়কাপ্টানি বিভাগে বতমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ফলত অঞ্চলটোৰ ৰাইজ বিভাগটোৰ ওপৰত ক্ষোভিত হৈ পৰিছে৷
ভগ্নপ্ৰায় এই পথচোৱাৰে বৰ্তমান যান-বাহন চলাচল কৰাটো জটিল হৈ পৰাত পথটোৰে যাতায়াত বিঘ্নিত হোৱাৰ উপক্ৰম ঘটিছে৷লগতে যিকোনো সময়তে গুৰুতৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশাংকা কৰিছে স্থানীয় লোক তথা দল-সংগঠনে।ইফালে পথচোৱাৰে অত্যধিক গধুৰ যান-বাহন চলাচল কৰাটো বন্ধ আছে যদিও প্ৰশাসনৰ একাংশক মেনেজ কৰি দৈনিক শ শ অবৈধ শিল বালি কঢ়িওৱা বাহন চলাচল কৰাৰ বাবেই পথছোৱাৰ অৱস্থা দৈনিক অধিক অৱনতিৰ ফালে গতি কৰিছে৷
পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰাৰ লগতে অধিক ওজনৰ বাহন চলাচল সাময়িকভাৱে বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈও চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাই কৰ্তৃপক্ষক দাবী জনাইছে৷
- Log in to post comments
- 69 views