লংকাৰ ৰে'লপথত মৃতদেহ উদ্ধাৰ 

acci

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

 

নিশা লংকাৰ ৰেলৱে ষ্টেচনৰ সমীপত উদ্ধাৰ কৰা হয় এটা মৃতদেহ |মৃত যুৱকজনৰ নাম বিশু সাহা বুলি জানিব পৰা গৈছে |লংকাত অস্থায়ীভাৱে থকা যুৱকজনে ৰে'লত  ফেৰীৱালাৰ কাম কৰিছিল। উজনিমুৱা শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে'লৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে |

 

লংকা ষ্টেচনৰ সন্মুখতে থকা  হোটেলসমূহত গঢ় লৈ উঠা অবৈধ সুৰাৰ ঘাটিত সুৰাপান কৰি নিচাগ্ৰস্ত হৈ পৰা যুৱকজনে ৰে'লৰ খুন্দাত  এনেদৰে মৃত্যুক সাবটি ল'ব লগা হয় |নিশা ১০ মান বজাত সংঘটিত ঘটনাৰ খবৰ লাভ কৰিয়েই লংকা চৰকাৰী ৰে'ল আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে |

Your Comments