লামডিং ৰে'লৱে ষ্টেচনত ৫০ লাখ নগদ ধন জব্দ:দুগৰাকী মহিলাক আটক

lanka

লংকাৰ পৰা মনোজ কুমাৰ পাঠক


বৃহস্পতিবাৰে নিশা প্ৰায়  ৯ মান বজাত বিশেষ সূত্ৰৰ পম খেদি লামডিং ৰে'ল ষ্টেচনত ৰে'ল আৰক্ষীয়ে উজনিমুৱা গুৱাহাটী-বিজি এক্সপ্ৰেছত চলোৱা নিয়মীয়া তালাচীত দুগৰাকী মহিলাৰ পৰা প্ৰায় ৫০ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে ,জব্দকৃত ধনৰাশি  পশ্চিমবংগৰ দুই মহিলাই নাগালেণ্ডৰ বোকাজানলৈ লৈ গৈ আছিল।

lanka4


ৰে'ল আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত গায়ত্ৰী হালদাৰ আৰু আৰতি হালদাৰ নাম মহিলা দুগৰাকীক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে।কি কাৰণত মহিলা দুগৰাকীয়ে বৃহৎ পৰিমাণৰ ধনৰাশি ৰে'লযোগে লৈ গৈ আছিল,সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব |

Your Comments