নগাঁওত নিৰ্বাচন সম্পৰ্কীয় কাম-কাজ,ঠিকা আবন্টনৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

nagaon

ৱাহিদুদ জামান,নগাঁও, ৫ এপ্ৰিল:

পঞ্চায়ত নিৰ্বাচনেই হওঁক পৌৰসভাৰ নিৰ্বাচনেই হওঁক অথবা বিধানসভা-লোকসভাৰ নিৰ্বাচনেই হওঁক,কোনো এটা নিৰ্বাচন আহিলেই নগাঁও জিলা উপায়ুক্তৰ একাংশ বিষয়া-কৰ্মচাৰীৰ গা সাতখন-আঠখন কৰে।এই নিৰ্বাচন সমূহ যেন তেওঁলোকৰ বাবে এক উৎসৱহে।কিয়নো নিৰ্বাচনৰ বিভিন্ন কামৰ কোটি টকীয়া ঠিকা আবন্টনৰ লাভজনক অংক জড়িত হৈ নিৰ্বাচনত।প্ৰতিটো নিৰ্বাচনতেই নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত ঠিকা আবন্টনকলৈ গঢ়ি উঠে এক ছিণ্ডিকেটৰ ।এইবাৰো লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ঠিকা আবন্টনক লৈ এখন ৰমৰমীয়া বজাৰ গঢ়ি উঠাৰ গুৰুত্বৰ অভিযোগ উল্থাপিত হৈছে ।উল্লেখ্য যে লোকসভা, বিধানসভা অথবা পঞ্চায়ত  নিৰ্বাচন আহিলেই নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ২/৩ গৰাকী কৰ্মচাৰীয়ে এই ঠিকা আবন্টনক লৈ ব্যাপক তৎপৰতা গ্ৰহণ কৰি দালালিত নামি পৰাৰ লগতে বৃহৎ কমিচনৰ অংকৰে দুৰ্নীতি আৰু অনিয়মত লিপ্ত হৈ আহিছে। বিগত পঞ্চায়ত নিৰ্বাচনতৰ সময়তো জিলা খনত ঠিকা আবন্টনৰ নামত দুৰ্নীতিৰ বেহা চলোৱাৰ পাছত এইকেইজন কৰ্মচাৰীয়ে লোকসভা নিৰ্বাচনৰ ঠিকা আবন্টনৰ নামতো চৰম বেমেজালিৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াক অন্ধকাৰত ৰাখি দুগৰাকী অতিৰিক্ত উপায়ুক্তৰ ছত্ৰছায়াত উপায়ুক্ত কাৰ্যালয়ৰ এই ২/৩ গৰাকী কাৰ্যালয় সহায়কে লোকসভা নিৰ্বাচনৰ বাবে আবন্টিত ধনৰ লুণ্ঠন চলোৱাৰ অভিসন্ধিৰে ইতিমধ্যে নিজৰ মানুহৰ নামত বুজন পৰিমাণৰ ঠিকা আবন্টন দিছে।আনকি নিৰ্বাচনত ৱ্যৱহৃত গাড়ীৰ ক্ষেত্ৰতো লুটপাত চলোৱাৰ লক্ষ্যৰে উপায়ুক্ত কাৰ্যালয়ৰ জনৈক নাথ নামৰ কৰ্মচাৰী গৰাকীয়ে নিজৰ আত্মীয়ৰ  ৬-৭ খনকৈ গাড়ী ভাড়ালৈ লোৱাৰ ওপৰিও নিজৰ মানুহৰ নামত ষ্টেচনাৰী সামগ্ৰী যোগানৰো ঠিকাও আবন্টন দিয়াবলৈ  সক্ষম হৈছে। একেদৰে খাদ্য যোগানৰ নামতো জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংঘটিত হৈছে ব্যাপক দূৰ্ণীতি-অনিয়ম। অভিযোগ অনুসৰি লুন্ঠনৰ স্বাৰ্থত উচ্চ দৰত খাদ্য যোগানৰ ঠিকা আবন্টন দিয়া হৈছে যদিও তাৰ মান অতি নিম্ন স্তৰৰ।এই খাদ্য যোগানৰ ঠিকাও লাভ কৰিছে উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীৰ ভাতৃয়ে। কোনোধৰণৰ নীতি নিয়ম অবিহনেই নিজৰ খেয়ালখুচি অনুসৰি নগাঁৱত ঠিকা আবন্টনক কেন্দ্ৰ কৰি চলা এই সমগ্ৰ প্ৰক্ৰিয়াটো হাত উজান দিছে দুগৰাকী অতিৰিক্ত উপায়ুক্তই। তাৰোপৰি উপায়ুক্ত কাৰ্যালয়ৰ এজন বিষয়াই নিৰ্বাচনৰ বাবে আবন্টিত ধনৰ লুণ্ঠন চলাবলৈ ভুৱা বিল প্ৰস্তুত কৰাৰ বিষয়েও জানিব পৰা গৈছে।উল্লেখ্য যে, নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰাই নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ নিৰ্বাচন নিয়ন্ত্ৰিত হব। নগাঁও জিলা উপায়ুক্ত নগাঁও লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া হোৱাৰ লগতে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞা কলিয়াবৰ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া ।ইপিনে, নিৰ্বাচনৰ কামৰ বাবে প্ৰয়োজনীয় বৈদ্যুতিক যন্ত্ৰপাতি,সা-সৰঞ্জামৰ ঠিকা আবন্টনৰ নামতো ব্যাপক দুৰ্ণীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।নিৰ্বাচনৰ বিভিন্ন কাম,খাদ্য আৰু সামগ্ৰী যোগানৰ ঠিকা আবন্টনৰ নামত নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংঘটিত দুৰ্ণীতিত দুৰ্ণীতিগ্ৰস্ত বিষয়া সকলক সহযোগিতা আগবঢ়াইছে একাংশ ৰাজনৈতিক নেতাই। একপ্ৰকাৰে কমিচনৰ অংকত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত সংঘটিত এই দুৰ্নীতি-অনিয়মক নিৰ্বাচন আয়োগে নাকী লগাবলৈ সক্ষম নহলে আগন্তুক ভোট গণনাৰ দিনলৈ এক যে বিয়াগোম কেলেংকাৰী সংঘটিত হ'ব সেইটো নিশ্চিত হৈ পৰিছে। তাৰোপৰি জিলা উপায়ুক্ত যাদৱ শইকীয়াক দুগৰাকী অতিৰিক্ত উপায়ুক্তই সম্পূৰ্ণ বিপথে পৰিচালিত কৰি নীতি নিয়ম অবিহনে ঠিকা আবন্টন দিয়াক কেন্দ্ৰ কৰি স্বয়ং উপায়ুক্ত কাৰ্যালয়ৰ ভিতৰ চ'ৰাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Your Comments