ডিব্ৰুগড়ত  ইকুৱেষ্ট্ৰিয়ান লীগ আৰু  হৰ্ছ শ্ব'ৰ  সামৰণি

dibrugarh

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা :

ইকুৱেষ্ট্ৰিয়ান ফেডাৰেশ্বন অফ্ ইণ্ডিয়াৰ  তত্বাৱধানত  আৰু ইকুৱেষ্ট্ৰিয়ান ফেডাৰেশ্বন  অফ্ আছামৰ  উদ্যোগত  ডিব্ৰুগড়ত আয়োজিত"ৰিজিঅ'নেল ইকুৱেষ্ট্ৰিয়ান লীগ  আৰু  হৰ্ছ  শ্ব' প্ৰতিযোগিতাখনিৰ
কালি  সফলভাৱে  সামৰণি পৰিছে । ডিব্ৰুগড়ৰ  এথেলউড চাহ  বাগিচা খেলপথাৰত  আয়োজিত  প্ৰতিযোগিতাত চলিত বৰ্ষত  পোনপ্ৰথমবাৰৰ  বাবে 'ফেৰিয়াৰ'(অশ্ব চিকিৎসক) ভৰিত ঘোঁৰাৰ নাল লগোৱা লোকসকলৰ মাজত অশ্ব  প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিকূল বতৰকো নেওচি  অনুষ্ঠিত প্ৰতিযোগিতাৰ  ফলাফল এনেধৰণৰ-ড্ৰেছেছ শাখাত অসম পুলিচৰ হাবিলদাৰ মুজিবুৰ ৰহমানে সোণৰ,অসম ভেলী স্কুলৰ আৰমান আশ্ৰফে ৰূপৰ আৰু নুমলীগড়ৰ  দিল্লী পাব্লিক স্কুলে  আকাংক্ষা  বৰুৱাই ব্ৰঞ্জৰ  পদক লাভ কৰে । আৰ ই এল জুনিয়ৰ কেটেগৰী  ইভেণ্টত ড্ৰেছেজত আৰমান ইমদাদ
আৰু জাম্পিঙত  অংগদ সিং শ্বেইখে পদক লাভ কৰে । মুকলি জাম্পিঙত অসম ৰাইফলছৰ হাবিলদাৰ  লখবীৰ সিঙে সোণৰ,অসম ৰাইফলছৰে ৰাইফলমেন সুনীলে  ৰূপৰ আৰু অসম ভেলী স্কুলৰ আব্দুলা  ইমদাদে ব্ৰঞ্জৰ পদক লাভ কৰে । জাম্পিং ফল্ট এণ্ড আউট ইভেণ্টত অসম ৰাইফলছৰ হাবিলদাৰ লখবীৰ সিঙে প্ৰথম,ইকুৱেষ্ট্ৰিয়ান ফেডাৰেশ্বন অফ্ আছামৰ লউমীৰ  আহমেদ দ্বিতীয় আৰু  অসম ৰাইফলছৰ ৰাইফলমেন সুনীলে তৃতীয় স্থান অধিকাৰ কৰে । প্ৰতিযোগিতাত  নতুনকৈ অন্তৰ্ভূক্ত কৰা 'ফেৰিয়াৰ' প্ৰতিযোগিতাত অসম ৰাইফলছ,অসম পুলিচ,আই টি বি পি, স্কুল আৰু ইকুৱেষ্ট্ৰিয়ান ফেডাৰেশ্বন  অফ্ আছামৰ প্ৰতিযোগীসকলৰ ভিতৰত আই টি বি পিৰ হাবিলদাৰ মহেন্দ্ৰ সিং বিজয়ী হয়। বঁটা  বিতৰণী  অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝা, আৰক্ষী অধীক্ষক শুভাশিনী শংকৰণ, অসম ৰাইফলছৰ  ব্ৰিগেদিয়াৰ এছ চৌউল  উপস্থিত থাকি পুৰস্কাৰসমূহ  বিতৰণ কৰে । উল্লেখযোগ্য যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইকুৱেষ্ট্ৰিয়ান খেলৰ প্ৰচাৰ,প্ৰসাৰ আৰু জনপ্ৰিয়তাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱা বিশিষ্ট ক্ৰীড়া সংগঠক  মনোজ কুমাৰ জালানক  ক্ৰীড়াপ্ৰেমী ব্যক্তিসকলে ভূয়সী প্ৰশংসা কৰে ।

Your Comments