দিল্লীত অংকীয়া ভাওনা প্ৰদৰ্শনেৰে ইতিহাস ৰচিলে শিৱসাগৰৰ শিল্পীৰ দলে

kal

কল্যাণজ্যোতি বুঢ়াগোহাঁই,শিৱসাগৰ:

শিৱসাগৰৰ এজাক কিশোৰ-কিশোৰীয়ে সুদুৰ দিল্লীৰ শ্ৰীৰাম চেন্টাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনা প্ৰদৰ্শনেৰে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণেৰে ইতিহাস ৰচিবলৈ সক্ষম হয়। শিৱসাগৰ নাট্য সমাজ আৰু কলা বিহাৰ সংগীত বিদ্যালয়ৰ যুটীয়া উদ্যোগত তথা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সহযোগত দিল্লীৰ শ্ৰীৰাম চেন্টাৰত  গুৰুজনাৰ সৃষ্টি অংকীয়া ভাওনা দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰি নৱ প্ৰজন্মক আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে ৰুক্মিনী হৰণ অংকীয়া ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা হাতত লৈছিল।

kalyan  প্ৰায় দুঘন্টা সময় ব্ৰজাৱলী ভাষাত ৰুক্মিনী হৰণ ভাওনাখন সাবলিলভাৱে উপস্থাপন কৰি উপস্থিত কেইবাশতাধিক লোকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয়। শিৱসাগৰৰ সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী সৌৰভ চলিহাৰ নেতৃত্বত যোৱা প্ৰতিগৰাকী কলা কুশলীয়ে কৰা উন্নত মানদণ্ডৰ অভিনয়ৰ জৰিয়তে দিল্লীৰ গুৰগাওঁ, নয়দা, দ্বাৰিকা , বসন্তকুঞ্জ আদিৰ পৰা অহা দৰ্শকৰ লগতে ৰাষ্ট্ৰীয় নাট্য একাডমিৰ লগত জড়িত ব্যক্তি তথা অ'এনজিচিৰ উচ্চ পদস্থ বিষয়াৰ পৰা ভূয়ংশী প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই অনুষ্ঠান উপভোগ কৰি কয় যে, দিল্লীৰ শ্ৰীৰাম চেন্টাৰত প্ৰতি নিশাই একোখন নাটক মঞ্চস্থ হয়। এই মঞ্চত প্ৰথমবাৰৰ বাবে অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। গুৰুজনাৰ এই সৃষ্টি প্ৰদৰ্শনৰ জড়িয়তে শ্ৰীৰাম চেন্টাৰৰ মঞ্চ পবিত্ৰ হৈ পৰিল। অনুষ্ঠানত বিশিষ্ট চিকিৎসক  নিলমণি শৰ্মা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰযোজনা প্ৰৱন্ধক পৰাগ শৰ্মা, সমগীত নাটক একাডমীৰ উপসচিব ৰাজু দাস, অ'এনজিচিৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডি কে চাৰফে, অ'এনজিচি অৱসৰ প্ৰাপ্ত তৈলক্ষেত্ৰ সঞ্চালক অশোক বাৰ্মা, অ'এনজিচিৰ প্ৰাক্তন স্থলক্ষেত্ৰ সঞ্চালক অজিত হাজৰিকা উপস্থিত থাকে। সৌৰভ চলিহাই আঁত ধৰা অনুষ্ঠানটোত মৃণালী মহন্ত চলিহাই ভাওনাখনিৰ সম্পৰ্কত বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰে। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া পণ্ডিত ড০ ভবানন্দ বৰবায়নে বন্তি প্ৰজ্বলনেৰে ভাওনাখনিৰ শুভাৰম্ভ কৰে। ভাওনাখনি পৰিচালনা কৰে গোবিন মহন্ত আৰু মৃণালী মহন্ত চলিহাই। 

কৃষ্টিকা কাকতি, দেৱজ্যোতি বৰগোহাঁই, উৰ্জ্জা চলিহা, পাৰমিতা মহন্ত, উল্কামণি কোঁৱৰ, ত্ৰিদিশা বৰঠাকুৰ, কৌস্তৱ দত্ত ফুকন, হৰি হাজৰিকা, বিদ্যুৎ বিকাশ দত্ত, অয়ন গৌতম শৰ্মা, ৰক্তিম ৰঞ্জন বৰা, গৌৰৱ বেজবৰুৱা, কৌশক কাশ্যপ, অম্বেষা মহন্ত, অনন্যা কাকতি, অভিলাষা ভৰদ্বাজ, দীপন্দিতা কুৰ্মী, বিকি দাসে ভাও লোৱাৰ লগতে গীত পৰিবেশন কৰে বেদব্ৰত দত্ত, অম্বেষা মহন্ত, ৰশ্মি গগৈ, মৃণালী মহন্ত চলিহাই। ডবা আৰু তালত বিতুল দত্ত আৰু মৃণালী মহন্ত চলিহা, বাঁহীবাদনত ঐশ্বৰ্য ৰঞ্জন দত্ত, খোল পৰিবেশনত অংশুমান দত্ত আৰু গায়ন বায়নত গোবিন মহন্ত, অংশুমান  মহন্ত, অয়ন গৌতম শইকীয়া, বিতুল দত্ত, ঐশ্বৰ্য ৰঞ্জন দত্ত, বেদব্ৰত দত্ত, দিপান্দিতা কুৰ্মী আৰু বিকি দাসে অংশ গ্ৰহণ কৰে।

Your Comments