কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

pratstha dibax

বঙাইগাঁওঃ ২ মেঃ

কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে অভয়াপুৰী চিলাৰায় ভৱনত উদযাপন কৰা হয় ৷ এই উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয় ৷ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি অতুল ৰায়ে ৷

ইয়াৰ পিচতে দুপৰীয়াৰ ভাগত সংগঠনটোৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ সেই অনুসৰি সংগঠনটোৰ অধিক প্ৰচাৰৰ বাবে অহা ২০ মেৰ পৰা দেৱাল লিখন আৰু গোহাৰি পত্ৰ বিতৰণ বিতৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ প্ৰতিনিধি সভাই কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যাটো অতি সোণকালে সমাধানৰ দাবীত আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰে ৷

গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ৫ জুনত প্ৰতিখন জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি জনজাতিকৰণৰ সমস্যাটো সমাধানৰ দাবী জনাব ৷ আনহাতে জুন মাহৰ শেষ সপ্তাহত জনজাতিকৰণৰ দাবীত সংগঠনটোৱে গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি অতুল ৰায় আৰু সাধাৰণ সম্পাদক জীৱেশ ৰায়ে উল্লেখ কৰিছে ৷

Your Comments