হাজোৰ পৰা কমলাকান্ত দাস
অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ উদ্যান বিজ্ঞান মহাবিদ্যালয়ৰ জেচমিন ছাত্ৰী গোটৰ গ্ৰাম্য কার্য অভিজ্ঞতা কাৰ্যসূচীৰ অধীনত আৰু উদান শস্য গৱেষণা কেন্দ্ৰ কাহিকুছিৰ জৰিয়তে বৰড মিশ্ৰণ প্ৰণালী তথা ৰোপণ সামগ্ৰীৰ অংগজ প্ৰজনন বিষয়ত এটি কৃষি কাৰ্যকৌশল প্ৰদৰ্শন বৃহস্পতিবাৰে বিয়লি হাজোৰ বৰদধিত অনুষ্ঠিত হয়।
ইয়াত অংশগ্ৰহণ কৰে বিজ্ঞানী ডঃ সমীৰণ পাঠক, ডঃ জ্যোৎস্না দেৱী ,এ এ আহমেদ আৰু জি কে শৰ্মা বৰুৱাই।
সভাত জেচমিন ছাত্ৰী গোটৰ ৰীতিকা চক্ৰৱৰ্তী, কাশ্মীৰী তামুলী,প্ৰিয়া কৰ নেথিও আৰু জোতিকা গোস্বামীয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 53 views