নগাঁও আৰু কাছাৰ  কাগজ কল শীঘ্ৰেই কাৰ্যক্ষম কৰাৰ দাবী যুৱ-ছাত্ৰ পৰিষদৰ

ajycp

মৰিগাঁওৰ পৰা জিতুমণি নাথ
 

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ নগাঁও কাগজ কলৰ উৎপাদন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ চৰম উদাসীনতাৰ বাবেই  বন্ধ হৈ থকাৰ  লগতে কৰ্মচাৰীসকলৰ দৰমহা ২৭  মাহ ধৰি বন্ধ ৰখাত সৃষ্টি হোৱা পৰিস্থিতিৰ অৱসান বিচাৰি আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও আৰু নগাঁও জিলা সমিতিৰ উদ্যোগত মৰিগাঁও নগৰৰ বিহুতলীত অনুষ্ঠিত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচীৰ। 

পুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈ অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাগজ কলৰ কৰ্মচাৰী সকলৰ মৰ্মবেদনা উপলব্ধি কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।


 অসম চৰকাৰৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ মন্ত্ৰী অনন্ত গীতেই নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰ উজ্জীৱিত কৰিব বুলি বহুবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো মিল দুটা কাৰ্যক্ষম নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে।


ইফালে, দীৰ্ঘদিন ধৰি দৰমহা বন্ধ হৈ থকাত কৰ্মচাৰীসকলৰ পৰিয়ালত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাই নহয়, ৫০ জনতকৈও অধিক লোকে  আত্মহনন অথবা মৃত্যুৰ দৰে চৰম পন্থা ল'বলৈ বাধ্য হৈছে বুলি উল্লেখ কৰি ভাৰত আৰু অসম চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি প্ৰতিবাদমুখৰ হৈ পৰে ৷

অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰবীণ দাস,নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বৰা,ভাৰপ্ৰাপ্ত সম্পাদক প্ৰাগজ্যোতিষ বনিয়া,মৰিগাঁও জিলা সমিতিৰ উপদেষ্টা মিন্টু নাথ,সভাপতি ললিত চন্দ্ৰ পাচনি,সম্পাদক ৰন্টুমনি ডেকা আদি কৰি যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বই অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কাগজ নিগম উন্নয়ন সন্থাৰ যুটীয়া সম্পাদক ৰামলাল ডেকা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা,অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা,কৃষক নেতা তুলসী ডেকাকে আদি কৰি ভালেকেইটা সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।


 মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমণি নাথ,প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ বিপুল হালৈ আদি কৰি প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত কাগজ কল দুটা শীঘ্ৰেই কাৰ্যক্ষম কৰি তোলা,অনাদায় দৰমহা শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Your Comments