সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী: মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ 'জুৱা'ৰ

kaliyabar

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ :

ৰাজনৈতিক ষড়যন্ত্ৰকাৰী আৰু সমাজৰ স্বাৰ্থান্বেষীসকলৰ হাতত সাংবাদিক নিগ্ৰহ কাৰ্য প্ৰতিহত কৰিবলৈ আহ্বান জনাই বৃহস্পতিবাৰে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ কলিয়াবৰ জিলা সমিতিয়ে কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওগৰ জড়িয়তে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে  ৷ 


জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম (জুৱা)ৰ  কলিয়াবৰ জিলা সমিতিৰ সভাপতি নীলৰঞ্জন শৰ্মা,সাধাৰন সম্পাদক গোলাপ শইকীয়া,  সহকাৰী সম্পাদক দিগন্ত ভূঞা  আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক গৌতম বৰাই জিলা সমিতিৰ হৈ আজি দিনৰ ১১ বজাত কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ  মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰখন  প্ৰেৰণ কৰে। 

সাংবাদিকসকলে মন্তব্য কৰে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ‘সংবাদ মাধ্যম‘ দেশৰ জনসাধাৰনৰ দ্বাৰা সৃষ্ট এক স্তম্ভ যদিও এই মাধ্যমৰ লগত প্ৰত্যক্ষভাৱে  জড়িত সংবাদিকসকল বিভিন্ন সময়ত লাঞ্চিত,বঞ্চিত হৈ অহাৰ লগতে দুস্কৃতিকাৰীসকলৰ আক্ৰমণৰ বলি হৈ আহিছে ৷দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী হৈ দেশৰ স্বাৰ্থত,ৰাইজৰ পক্ষত থাকি মূক জনতাৰ মুক্ত কণ্ঠৰ ভূমিকা পালন কৰি অহা নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকসকল নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৷

সাংবাদিকসকলৰ জীৱনৰ সুৰক্ষা প্ৰদানত চৰকাৰ ব্যৰ্থ হৈছে ৷চৰকাৰ আৰু প্ৰশাসনৰ নীৰৱ ভূমিকাৰ বাবেই অসমত কমলা শইকীয়াকে প্ৰমুখ্যে কৰি ৩৪ জনকৈ সংবাদিক নিহত হৈছে।লগতে বিগত সপ্তাহত চাৰিজনকৈ সাংবাদিক দুস্কৃতিকাৰীৰ দ্বাৰা শাৰীৰিক নিৰ্যাতনৰ বলি হ‘বলগীয়া হোৱাটো সমাজৰ বৌদ্ধিক মহলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে৷

উল্লেখ্য যে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অাছামৰ আহ্বান মৰ্মে ৰাজ্যৰ প্ৰতিখন জিলা সমিতিয়ে  সংবাদকৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাই  মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

Your Comments