নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ মে' দিৱস পালন

o

নলবাৰীৰ পৰা হেমন্ত কলিতা

 

সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বুধবাৰে প্ৰতাপনাৰায়ণ চৌধুৰী টাউন মজলীয়া বিদ্যালয়ত মে' দিৱস আৰু ২৭ সংখ্যক বাৰ্ষিক অধিবেশন উদযাপন কৰা হয় ।পুৱা ৯ বজাত সন্হাৰ পতাকা উত্তোলন,১০বজাত বিষয় বাচনি সভা,১১বজাত সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ।

oo

মে' দিৱস উদযাপনত নিৰ্দিষ্ট বক্তা হিচাপে ধমধমা উন্নয়ন সমিতিৰ সম্পাদক দ্বীপেন শৰ্ম্মা,ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ধনেশ্বৰ ডেকা উপস্থিত থাকে। নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ সভাপতি লাৱণ্য কলিতা,সম্পাদক হেমন্ত কুমাৰ ডেকা, কাৰ্যালয় সম্পাদক ক্ষিতীশ হালৈ আৰু বহুসংখ্যক শ্ৰমিকো অনুষ্ঠানত উপস্থিত  থাকে ।
 

Your Comments