হাজোৰ পৰা কমলাকান্ত দাস
কামৰূপ জিলাৰ সীমান্তৱৰ্তী হাজোৰ খলিহামাৰীত পাগলাদিয়া নদীৰ তীব্ৰ গৰাখহনীয়া হৈছে। উল্লেখ্য যে ১৯৯৬ চনত পাগলাদিয়া নদীৰ গড়াখহনীয়াৰ কবলত পৰি খলিহামাৰী গাঁওখনৰ কেইবাটাও পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছিল।
তাৰ পিছত যোৱা দুই- তিনিটা বছৰত পাগলাদিয়া নদীৰ গৰাখহনীয়াৰ কবলত পৰি ২০টাতকৈ অধিক পৰিয়ালে ঘৰ-দুৱাৰ ভাঙি অন্য ঠাইলৈ স্থানান্তৰিত হৈছিল।ইফালে,আজিলৈকে চৰকাৰ তথা বাননিয়ন্ত্ৰণ বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্হানীয় ৰাইজে।
গড়াখহনীয়াগ্রস্ত ৰাইজে মন্ত্ৰী,বিধায়ক আৰু চৰকাৰক আবেদন-নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে উল্লেখ কৰিছে।ৰাইজে মন্তব্য কৰিছে যে নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহে মন্ত্ৰী-বিধায়কে,কিন্তু খলিহামাৰীৰ মূল সমস্যা গড়াখহনীয়া ৰোধৰ কোনো ব্যৱস্থা ন'ললে।
পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বিগত কিছুদিনৰ পৰা গড়াখহনীয়াৰ তাণ্ডৱ চলাইছে।বিঘাই বিঘাই খেতিপথাৰৰ মাটিৰ লগতে কেইবাটাও বাসগৃহ জাহ হৈছে গড়াখহনীয়াত।শীঘ্ৰে গড়াখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আতংকিত ৰাইজে চৰকাৰক আহ্বান জনাইছে।
- Log in to post comments
- 48 views