নিউ বঙাইগাঁও ৰেলৱে জংচনত আত্মসমৰ্পণকাৰী এন ডি এফ বি সদস্যৰ মৃতদেহ উদ্ধাৰ 

ndfb

বঙাইগাঁওঃ ১ মেঃ

আজি বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও জংচনৰ প্লেটফৰ্মত এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷ পুৱা প্ৰায় ৫ঃ৪০ বজাত জংচনটোৰ ২ আৰু ৩ নম্বৰ প্লেটফৰ্মৰ পৰা অভাৰ ব্ৰীজলৈ উঠা চিৰিৰ কাষত পৰি থকা অৱস্থাত ৰে'লৱে আৰক্ষীয়ে লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃত লোকজনে পৰিধান কৰা পোচাকৰ পৰা উদ্ধাৰ কৰা এখন পৰিচয় পত্ৰত মৃত লোকজন নবীন বড়ো বুলি চিনাক্ত কৰে ৷ উল্লেখ্য যে মৃত নবীন বড়ো এজন আত্মসমৰ্পণকাৰী এন ডি এফ বি সদস্য আছিল ৷ নবীন বড়োৱে ২০০৩ চনৰ ২৮ নবেম্বৰত আত্মসমৰ্পণ কৰিছিল ৷

 উদ্ধাৰ হোৱা পৰিচয় পত্ৰখনত এই কথা উল্লেখ আছিল ৷ পৰিচয় পত্ৰখনত অসম চৰকাৰৰ আৰক্ষী বিভাগৰ এচ বি শাখাৰ আই জি পিৰ স্বাক্ষৰ আছিল আৰু নবীন বড়ো যে আত্মসমৰ্পণকাৰী এন ডি এফ বি সদস্য সেয়া এই পৰিচয় পত্ৰখনত উল্লেখ আছে ৷ পিচত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়ে ৷ উল্লেখ্য যে নবীন বড়োৰ প্ৰকৃত ঘৰ ১ নং পূব হাউলীত যদিও বৰ্তমান কোকৰাঝাৰত থাকিছিল বুলি জানিব পৰা গৈছে ৷

 মৃতদেহটোৰ মূৰৰ পিচফালে আঘাতৰ চিন আছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে লোকজনে কেনেবাকৈ কৰবাত পৰি মূৰত আঘাত পোৱাৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে প্ৰকৃত কাৰণ জানিব পৰা যাব বুলিও কয় ৷ মৃত নবীন বড়োৰ বয়স ৫০ বছৰমান হ'ব বুুুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

Your Comments