বঙাইগাঁৱত আন্তৰ্জাতিক মে' দিৱস পালন 

bgn

বঙাইগাঁওঃ ১ মেঃ

আজি সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো উত্তৰ পূব সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়ন , হিন্দ মজদুৰ সভা , অল ইন্ডিয়া ৰে'লৱে এমপ্লোইজ কনফেডাৰেচন আৰু পেঞ্চনাৰ্চ এচোচিয়েচনৰ উদ্যোগত আৰু জিলা লিগেল চাৰ্ভিছ অথৰিটিৰ সহযোগত আন্তৰ্জাতিক মে' দিৱস পালন কৰা হয় ৷ মে' দিৱস উপলক্ষে মজদুৰ ইউনিয়নৰ বঙাইগাঁও , নিউ বঙাইগাঁও বিজি , নিউ বঙাইগাঁও ৰানিং আৰু নিউ বঙাইগাঁও কাৰখানা শাখাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷bgn

ইয়াৰ পিছত বঙাইগাঁৱৰ প্ৰিয় গুপ্ত মেমোৰিয়েল হলৰ পৰা এক বাইক ৰেলী উলিওৱা হয় ৷ এই বাইক ৰেলী সমগ্ৰ বঙাইগাঁও চহৰ পৰিভ্ৰমণ কৰি নিউ বঙাইগাঁৱত উপস্থিত হোৱাৰ পিছত সামৰণী পৰে ৷ পিছলৈ এই স্থানতে এখন মুকলি সভা অনুষ্ঠিত হয় ৷ মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ফণীধৰ দাসে পৰিচালনা কৰা এই মুকলি সভাত ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক আশীষ বিশ্বাসে নিজৰ ভাষণত কয় যে -যিসকলে শ্ৰমিকৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিছে তেওঁলোকক সাধাৰণ জনতাই সময়ত উচিত প্ৰত্যুত্তৰ দিছে ৷bgn2

মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰেও অহা ২৩ মেত লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনা তেওঁলোকৰ বিগত দিনৰ কাৰ্যাৱলীৰ প্ৰত্যুত্তৰ হাতে হাতে পাব ৷ সভাত বঙাইগাঁও জিলা লিগেল চাৰ্ভিছ অথৰিটিৰ সম্পাদক চতুৰ্য প্ৰসাদ তালুকদাৰ, চি আই টি ইউ নেতা হৰেশ্বৰ দাস , এ আই আৰ ই চিৰ উপ সম্পাদক স্বাধীন শিকদাৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষন প্ৰদান কৰে ৷ সভাত বক্তাসকলে শ্ৰমিক দিৱসৰ তাৎপৰ্যও ব্যাখ্যা কৰে ৷

Your Comments