মৰিগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ছেনিটেৰী নেপকিন ভেণ্ডিং মেচিন সংস্থাপন

marigaon

জিতুমনি নাথ,মৰিগাঁও,১মে :

মৰিগাঁও নগৰৰ অন্যতম ছোৱালী শিক্ষানুষ্ঠান মৰিগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত কালি  জিলাখনৰ ভিতৰতে  প্ৰথমটো ছেনিটেৰী নেপকিন ভেণ্ডিং মেচিন সংস্থাপন কৰা হয়। মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই সংস্থাপন কৰা উক্ত ভেণ্ডিং মেচিনটোৰ জৰিয়তে পাঁচ টকীয়া এক মুদ্ৰাৰ বিনিময়ত ছাত্ৰী আৰু শিক্ষয়িত্ৰী সকলে দুটাকৈ ছেনিটেৰী পেড লাভ কৰিব।

পৰৱৰ্তী পৰ্যায়ত মৰিগাঁও জিলাৰ প্ৰায়বোৰ হাইস্কুল -হায়াৰ ছেকণ্ডাৰী শিক্ষানুষ্ঠানত এই মেচিন সংস্থাপন কৰা হব বুলি প্ৰকাশ কৰিছে। আনহাতে  মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছেনিটেৰী ভেণ্ডিং মেচিন সংস্থাপনক কেন্দ্র কৰি অনুষ্ঠিত হয় ঋতুস্ৰাব সম্পৰ্কীয় চাফ-চিকুণতা সন্দৰ্ভত সজাগতা সভা আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী।

মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা,অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ ৰোহিণী কটকী,মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ তিলক চন্দ্ৰ শইকীয়া,মৰিগাঁও ৰাজহ চক্ৰৰ বিষয়া সংঘমিত্ৰা ভাগৱতী আদিৰ উপস্থিতিত ছাত্ৰী তথা মহিলাৰ সকলকে ঋতুকালীন সময়ত গ্ৰহণ কৰিব লগীয়া চাফ চিকুণতা সন্দৰ্ভত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক ডা০ ৰেখা ভূঞাই পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে।

তদুপৰি সজাগতা সভাখনত ছাত্ৰী সকলে পুষ্টিকৰ খাদ্যাভাস সন্দৰ্ভত আৰু দক্ষতা বিকাশ সন্দৰ্ভত বিভিন্ন সমল ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। উল্লেখ্য যে মৰিগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিস্থানৰ অধ্যক্ষ কৃষ্ণ বণিয়াৰ উপৰি ভোকেচনেল ৰিহেবিলেচন চেন্টাৰ,নেচনেল কেৰিয়াৰ ছাভিৰ্চ আদি বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বীৰ উপস্থিতিত আই চি আই চি আই বেংক কৰ্তৃপক্ষই তেওঁলোকৰ চি এছ আৰ শিতানৰ পুঁজিৰ পৰা মৰিগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰীৰ সুবিধাৰ বাবে ছেনিটেৰী ভেণ্ডিং মেচিন সংস্থাপনৰ বাবে ব্যয় হোৱা পূঁজি অৰ্থসাহায্য হিচাপে আগবঢ়োৱা হব বুলি প্ৰকাশ কৰে।

Your Comments