বঙাইগাঁওঃ ১ মেঃ
শ্ৰম আৰু শ্ৰমিকৰ মৰ্যদা নিশ্চিত কৰাৰ লক্ষ্যৰে আজি সমগ্ৰ দেশ তথা বিশ্বৰ লগতে বঙাইগাঁৱতো শ্ৰমিক দিৱস পালন কৰা হয় ৷ মে' দিৱস নামেৰেও পৰিচিত এই দিৱস বিভিন্ন শ্ৰমিক সংগঠনসমূহে পালন কৰে ৷ ইপিনে ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চ ( জে চি টি ইউ) ৰ উদ্যোগত বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত বি এছ এন এল কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয়ভাৱে মে' দিৱস পালন কৰে ৷ মে' দিৱস উপলক্ষে পুৱা ৰঙা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ হয় ৷ পতাকা উত্তোলন কৰে দীপক বোসে ৷
ইয়াৰ পিচতে ছহিদ বেদীত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ৰাম শৰৎ ৰয়ে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন শ্ৰমিক সংগঠন তথা ইউনিয়নৰ হৈ আশীষ বিশ্বাস, স্বাধীন শিকদাৰ ধীৰেন চন্দ্ৰ পাল, লালমোহন দাস, ওমকাৰ ভৌমিক, সুব্ৰত দে, কৈলাশ শ্বাহ, সমেন দেৱ , দ্বীজেন্দ্ৰ নাথ ৰাভা, মতিউৰ ৰহমান, হৰেশ্বৰ দাস আদিয়েও শ্ৰদ্ধাঞ্জলি জনায় ৷ এই অনুষ্ঠানৰ পিচতে শ্ৰমিক নেতা হৰেশ্বৰ দাসৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷
সভাত অসম ৰাজ্যিক ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চৰ আহ্বায়ক সতনজীৱ দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকি মে' দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি বক্তব্য ৰাখে ৷ সভাত শ্ৰমিক নেতা আশীষ বিশ্বাস, স্বাধীন শিকদাৰ, সঞ্জীৱ দেৱ আদি উপস্থিত থকাৰ লগতে বক্তব্যও ৰাখে ৷
সভাত বক্তাসকলে বৃৃৃৃহৎ পুঁজিপতিৰ শোষণ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে শ্ৰমজীৱি ৰাইজক এক হবলৈকো আহ্বান জনায় ৷ মে' দিৱসৰ এই কাৰ্যসূূূূচীত এ আই আৰ ই চি ,ৰে'লৱে মজদুৰ ইউনিয়ন, বি এছ এন এল এমপ্লোয়িজ ইউনিয়ন, চি আই টি ইউ, ট্ৰাক শ্ৰমিক ইউনিয়ন, বি ই এফ আই, ৰিটিয়াৰ্ড বি এছ এন এল এমপ্লোয়িজ ইউনিয়ন, চি আৰ ইউ, এলুমিনিয়ান শ্ৰমিক ইউনিয়ন, বঙাইগাঁও সংমণ্ডল বীমা কৰ্মচাৰী সমিতি আদি সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল ৷
উল্লেখ্য যে মে' দিৱসৰ এই কাৰ্যযসূচীৰ পূূূূৰ্বে বি এছ এন এল এমপ্লোয়িজ ইউনিয়নে কাৰ্যালয় প্ৰাংগণত ৰঙা পতাকা উত্তোলন কৰি শ্ৰমিকসকলৰ ঐক্য আৰু একতাৰ হকে বিভিন্ন শ্ল'গান দিয়ে ৷
- Log in to post comments
- 9 views