বঙাইগাঁওঃ ৩০ এপ্ৰিলঃ
সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ সভাপতি আৰু সম্পাদকৰ মইমতালিৰ বাবে ছাত্ৰ সংগঠনটোৰ একাংশ নেতা কৰ্মী ক্ষুব্ধ হৈ সমূহীয়াভাবে পদত্যাগ কৰিছে ।
ফেডাৰেচনৰ নীতি আদৰ্শক জলাঞ্জলী দি জাতিধ্বংসী কাৰ্যকলাপত লিপ্ত থকা এই স্বাৰ্থলোভী নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ বাঙালী ছাত্ৰ সংগঠনটোৰ চিৰাং জিলা সদৰস্থিত কাজলগাঁও আঞ্চলিক সমিতিৰ সভাপতি গোপাল মণ্ডল আৰু সম্পাদক উত্তম সাহাকে ধৰি আঞ্চলিক সমিতিটোৰ আটাইকেইজন সদস্যই সমূহীয়াভাবে পদত্যাগ কৰা বুলি আজি এক প্ৰেছ বাৰ্তা যোগে পদত্যাগী নেতা কৰ্মীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
ইপিনে ফেডাৰেচনৰ হৈ অঞ্চলটোৰ পৰা কাম কৰি থকা চিৰাং জিলা সমিতিৰ উপদেষ্টা সুজিত মণ্ডলকে ধৰি সাংগঠনিক সম্পাদক আনন্দ চন্দ্ৰ আৰ্য আৰু কাৰ্যকৰী সদস্যদ্বয় ক্ৰমে ৰঞ্জিত আৰ্য আৰু পিন্টু ঘোষেও পদত্যাগ কৰি পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।
- Log in to post comments
- 11 views